ডিজিটেল ডেস্ক : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী দবাৰু ৰূপে গ্ৰেণ্ডমাষ্টাৰৰ আসনত অধিষ্ঠিত হৈ কালি গৃহভূমিত উপস্থিত হোৱা মায়ংক চক্ৰৱৰ্তীক ৰাজ্যৰ দবাপ্রেমী, ক্রীড়া সঞ্চালকালয়, সদৌ অসম দবা সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে বিপুলভাৱে আদৰণি জনায়। মায়ংকে ছুইডেনৰ পৰা কালি গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈছিল দিনৰ ১১-৩০ বজাত। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্রথমগৰাকী দবা গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ ইতিহাস ৰচনা কৰা আৰু ভাৰতৰ ৯৪ সংখ্যক গ্রেণ্ড মাষ্টাৰ ৰূপে পৰিগণিত হোৱা ১৭ বছৰীয়া অসম সন্তান গুৱাহাটীৰ মায়ংক চক্ৰৱৰ্তীক বিমান বন্দৰত ৰাজ্যৰ ক্ৰীড়া সঞ্চালকালয়ৰ হৈ উপ ক্রীড়া সঞ্চালক সত্যব্রত গগৈ, সহকাৰী ক্রীড়া সঞ্চালক মানসপ্রতিম দাস, সদৌ অসম দবা সন্থাৰ বিষয়ববীয়াৰ লগতে দল-সংগঠনে সম্ভাষণ জনায়।
বিয়লি ৩ বজাত অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ৰ তৰফৰ পৰা দিছপুৰ ছুপাৰ মার্কেটস্থিত ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামস্থিত সভাকক্ষত আয়োজিত সম্বর্ধনা অনুষ্ঠানযোগে মায়ংকক পাঁচ লাখ টকাৰ চে'ক প্ৰদান কৰে। সন্ধিয়ালৈ মহানগৰীৰ আনন্দ নগৰস্থিত মায়ংক চক্ৰৱৰ্তীৰ বাসগৃহত গুৱাহাটী ক্রীড়া সন্থা, অসম অলিম্পিক সন্থা, অসম ছেপাক টাক্র সন্থা, অসম টেগবল সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনে আদৰ সম্বর্ধনা জনায়। ইতিপূর্বে মায়ংকক ক্রীড়া সাংবাদিক কল্যাণ সন্থা অসমে ২০২৩ বর্ষত ক্রীড়া সাংবাদিক কুলেন কলিতাৰ স্মৃতিত এন আৰ এল নগদ ধনৰ প্রতিশ্রুতি সম্পন্ন খেলুৱৈৰ বঁটা প্রদান কৰিছিল।
উল্লেখযোগ্য যে ৯- ১৪ মার্চলৈ ছুইডেনত অনুষ্ঠিত অষ্টম জি এম টুর্নামেণ্ট-হোটেল ষ্টকহম নর্থ বাই ফাষ্ট হোটেলছ ইয়ং টেলেণ্ট (8th GM Tournament - Hotel Stockholm North By First Hotels Young Talent) প্রতিযোগিতাত মায়ংকে তৃতীয় আৰু অন্তিম গ্ৰেণ্ডমাষ্টাৰৰ মাপকাঠী স্পৰ্শ কৰি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথম গ্ৰেণ্ডমাষ্টাৰ আৰু ভাৰতৰ ৯৪ সংখ্যক গ্ৰেণ্ডমাষ্টাৰ হয়। ৮ ৰাউণ্ডৰ পৰা ৭ পইন্ট লাভ কৰি চেম্পিয়ন হয় মায়ংক। অষ্টম ৰাউণ্ডত আই এম ফিলিপ লিণ্ডগ্রেনক পৰাস্ত কৰি তেওঁ এটা ৰাউণ্ড বাকী থকা অৱস্থাত নিজৰ চূড়ান্ত গ্ৰেণ্ডমাষ্টাৰ নৰ্ম নিশ্চিত কৰিছিল।