ডিজিটেল ডেস্ক : এটা সময়ত বানে কোঙা কৰি পেলাইছিল ঠাইডোখৰ। নব্বৈ দশকত মৰুভূমি সদৃশ পৰিৱেশে দেখা দিছিল সমগ্র অঞ্চল। এতিয়া সেই মাটিৰ উৰ্বৰা শক্তিয়ে সোণতলীলৈ পৰিৱৰ্তন হৈছে। বৰ লুইতৰ পাৰৰ আৰনে চাপৰিয়ে সম্প্রতি ৰিঙিয়ায় কৃষক বন্ধুক। জোনাইৰ আৰনে চাপৰিৰ সন্তান কৃষক ভুৱন পেগুহঁতে এতিয়া লুইতৰ পাৰতে গঢ়ি তুলিছে সেউজ বিপ্লৱৰ। ভুৱন পেণ্ডৰ লগতে গাঁৱৰ দুই শতাধিক পৰিয়ালে স্বাৱলম্বী হৈ পৰিছে ৰবি শস্যৰ জৰিয়তে। এই বিপ্লৱত হাত উজান দিছে গাঁৱৰ সকলোৱে। বাস্তৱিকতে পথাৰত বুটলিছে গাঁৱৰ ৰাইজে এতিয়া সোণগুটি। ভুৱন পেগুৱে প্রত্যেক দিনে বজাৰলৈ উলিয়াই দিয়ে পকা অমিতা। ধেমাজিৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়ালৈ আৰনে চাপৰি এই কৃষি ফাৰ্মৰ পৰা যায় শ শ অমিতা।
ঋতুকালীনভাৱে ভুৱন পেগুৰ লগতে শ শ কৃষকে এতিয়া কৃষি পথাৰৰ পৰা ক্রমে বিলাহী, কবি, ফ্রেন্সবিন বিভিন্ন ৰবি শস্য উলিয়াই দিছে বজাৰলৈ। ১৯৯৮ চনৰ ব্ৰহ্মহ্মপুত্ৰৰ বিধ্বংসী বানে তচনচ কৰা ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলটোত বর্তমান দুই শতাধিক কৃষকে শ শ বিঘা কৃষিভূমিত কবি, বিলাহী, জলকীয়া, বেঙেনা, ফ্রেন্সবিন, অমিতা, লাও, মূলা, আলু, বঙালাও, তিল, মাটিমাহ, লাই, লফা, পালেং আদি বতৰৰ শাক-পাচলি উৎপাদন কৰি লাভৱান হৈছে। তদুপৰি, শশ হেক্টৰ ভূমিত কৰা সৰিয়হ খেতিয়ে বৃহত্তৰ অঞ্চলটো হালধীয়া কৰি তুলিছে। আৰনে চাপৰিৰ আদৰ্শ কৃষক ভুৱন পেণ্ড, কোযেশ্বৰ মৰাং, মনোজ টায়ে, দিবাকৰ দলে, মোহন মৰাং, লৱ কুমাৰ মৰাং, লাচিত মৰাং প্ৰমুখ্যে নব প্ৰজন্মৰ কৃষকসকলৰ প্ৰচেষ্টাত অঞ্চলটোত আৰম্ভ হোৱা কৃষি বিপ্লবে এতিয়া অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিছে।
জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীসুঁতি মুক্তিয়াৰ পঞ্চায়তৰ অন্তৰ্গত অঞ্চলটোত এতিয়া পুৰুষ-মহিলা সকলোৱে পুৱাৰ পৰা সন্ধিয়া পর্যন্ত কৃষিকৰ্মত ব্যস্ত হৈ আদর্শ দেখুৱাইছে। অঞ্চলটোৰ আদৰ্শ কৃষক ভুৱন পেগুৱে জনোৱা অনুসৰি বৰ্তমান বিলাহীত প্রতি কেজিত ৪০-৪৫ টকা, অমিতা ৩৫-৪০ টকা, জলকীয়া ৬০-৭০ টকা, বিন ৫০-৫৫ টকা, বন্ধা কবি ২৭-৩০ টকা, ফুলকবি ৩৫ টকা দৰত কৃষিভূমিৰ পৰাই গ্রাহকে পাইকাৰী দৰত সংগ্ৰহ কৰে বুলি জানিবলৈ দিছে। তদুপৰি, দৈনিক ৬০-৭০খন গাড়ীয়ে উৎপাদিত শাক-পাচলি অঞ্চলটোৰ পৰা সংগ্ৰহ কৰি সেইসমূহ জিলাখনৰ লগতে চুবুৰীয়া অৰুণাচল প্রদেশ, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ যোৰহাট আদি জিলালৈ সৰবৰাহ হয় বুলি জানিবলৈ দিছে। এই আমূল পৰিৱৰ্তনত যদি চৰকাৰ প্ৰশাসনে সহায়ৰ হাত আগবঢ়াই প্রকৃতার্থত উক্ত ঠায়ে কৃষিৰ উৎপাদন তথা পৰ্যটকৰ কেন্দ্ৰ হিচাপে চিহ্নিত হ'ব। ইপিনে, ধেমাজি প্ৰশাসনৰ দ্বাৰা আয়োজিত 'আত্মনিৰ্ভৰ ধেমাজি-২০২৪'য়ে ভুৱন পেগুক ধেমাজি গৌৰৱ প্ৰদান কৰিলেও ইতিমধ্যে চৰকাৰে কৃষক ভুৱন পেগুহঁতৰ গাঁও অঞ্চলক কৃষি গ্রাম্য পর্যটক কেন্দ্র হিচাপে নিৰ্মাণৰ আশ্বাস দিয়াৰ পাছত পর্যাপ্ত ভূমিকা পালন কৰা নাই ঊর্ধ্বতন পক্ষই?