গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ

dainik janambhumi August 14, 2025

ডিজিটেল ডেস্ক : ভাৰতৰ গুলবীৰ সিঙে বুডাপেষ্টত অনুষ্ঠিত গিউলাই ইক্তৱান মেম'ৰিয়েল হাংগেৰিয়ান এথলেটিকছ গ্রাঁ প্রিত পুৰুষৰ ৩ হাজাৰ মিটাৰ দৌৰৰ নন অলিম্পিক শাখাত নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে।

 গুলবীৰে ৭ মিনিট ৩৪.৪৯ ছেকেণ্ড সময় লৈ চলিত বছৰৰ ফেব্ৰুৱাৰীত বষ্টন বিশ্ববিদ্যালয় ডেবিঘ হেমৰী ভেলেন্টাইন আমন্ত্রণমূলক প্রতিযোগিতাত নিজেই গঢ়া ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। তেওঁ সেইবাৰ ৭মিনিট ৩৮.২৬ ছেকেণ্ড সময় লৈছিল। 

তেওঁ প্ৰথমবাৰলৈ ইউৰোত ট্রেক ৰেচত ভাগ লয়। প্রতিযোগিতাত ৰাষ্ট্ৰীয় অভিলেখৰ সৃষ্টি কৰিলেও গুলবীৰে পদক জয় কৰিব নোৱাৰিলে। তেওঁ পঞ্চম স্থান লাভ কৰে। এই প্রতিযোগিতাত প্রথম স্থান লাভ কৰে ৭ মিনিট ৩৩.২৩ ছেকেণ্ড সময় লৈ কেনিয়াৰ কিপছাং মেথিউ কিপচুম্বাই।

Share This