ডিজিটেল ডেস্কঃ গুৱাহাটীত লিভ-ইন ৰিলেশ্যনশ্বিপৰ ভয়ংকৰ পৰিণতি। কাহিলিপাৰাৰ কল্যাণী নগৰৰ এটা ভাৰাঘৰত ভয়ংকৰ কাণ্ড সংঘটিত হ'ল। কোঠাৰ ভিতৰতে চিপ লৈ চৰম সিদ্ধান্ত বাছি ল'লে প্ৰেমিক নৱজ্যোতি তালুকদাৰে।
সম্পৰ্কৰ সংঘাতৰ বাবেই এই সিদ্ধান্ত প্ৰেমিক নৱজ্যোতিৰ। হাত কাটি আত্মহননৰ চেষ্টা কৰা দাস উপাধিৰ প্ৰেমিকাগৰাকীক সংকটজনক অৱস্থাত হায়াট হস্পিটেলত ভৰ্তি কৰোৱা হয়।
এটা বছৰ ধৰি ভাৰাঘৰটোত লিভ-ইন ৰিলেশ্যনশ্বিপত আছিল যুৱক-যুৱতীহাল।
প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি নিজকে শেষ কৰিছিল প্ৰেমিক নৱজ্যোতি তালুকদাৰে। প্ৰেমিকাই আৰক্ষীক খবৰ দি নিজৰ হাত কাটি আত্মহননৰ চেষ্টা চলায়।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰেমিকাক প্ৰেৰণ কৰে চিকিৎসালয়লৈ। আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে নৱজ্যোতি তালুকদাৰৰ মৃতদেহ।
চিকিৎসালয়ত দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত কাজিয়া হৈ থকাৰ কথা স্বীকাৰ কৰিছে যুৱতীগৰাকীয়ে।
প্ৰেমিক-প্ৰেমিকা দুয়োৰে ঘৰ নলবাৰীত।