ন্যায়ালয়ৰ মজিয়াত গুৱাহাটী ৰিং-ৰ'ড

dainik janambhumi May 08, 2026

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বহু চৰ্চিত ৰিং ৰ'ড নিৰ্মাণৰ নামত আমছাং অভয়াৰণ্যৰ ব্যাপক বন ধ্বংস হ'ব। সম্প্রতি এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ আৰু কালি অসম চৰকাৰে পৰৱৰ্তী শুনানি পর্যন্ত বন ধ্বংস নকৰাৰ প্ৰতিশ্রুতি দিবলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে আমছাং অভয়াৰণ্য ধ্বংস কৰি ৰিং ৰ'ড নিৰ্মাণ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপ সম্প্রতি আইনী জটিলতাৰ মাজত সোমাই পৰিছে। এই ৰিং ৰ'ড নিৰ্মাণ কৰাৰ সময়ত পৰিৱেশ সুৰক্ষাৰ সকলো নীতি-নির্দেশনা জলাঞ্জলি দিয়াক লৈ উচ্চ ন্যায়ালয়ত মহেশ ডেকা আৰু আর্কশিস চলিহা নামৰ দুজন সচেতন যুৱকে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে। তেওঁলোকে গুৱাহাটীক সকলো দিশৰ পৰা পথ সংযোগ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰকল্পৰ অন্যতম অংশ হিচাপে যোৰাবাটৰ পৰা সোণাপুৰ সংলগ্ন পথছোৱা আমছাং অভয়াৰণ্যৰ মাজেৰে অতিক্ৰম কৰাৰ সময়ত ব্যাপক বন ধ্বংস হ'ব বুলি অভিযোগ কৰে। 

তেওঁলোকে অভিযোগ কৰে যে এই অংশৰ পথ নিৰ্মাণৰ সময়ত অভয়াৰণ্যখনৰ ৫৪ বিঘা ভূমিৰ বন ধ্বংস হ'ব। লক্ষণীয় যে দুবছৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই ৰিং ৰ'ড নিৰ্মাণৰ প্ৰকল্প হাতত লৈছিল। এই ৰিং ৰ'ড সম্পূৰ্ণ হ'লে সকলো দিশৰ পৰা মহানগৰীত প্ৰৱেশত সুবিধা হ'ব। আৱেদনকাৰী যুৱকদ্বয়ে বিং ৰ'ডৰ বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি এই প্ৰকল্পৰ বাবে যাতে বন আৰু পৰিৱেশ ধ্বংস নহয় তাৰ বাবে পথৰ দিশ কিছু সালসলনি কৰাৰ পোষকতা কৰে। আৱেদনত তেওঁলোকে উল্লেখ কৰে যে আমছাং অভয়াৰণ্যৰ মাজেৰে যাবলগীয়া পথছোৱা নিৰ্মাণৰ বাবে ৪০০ জোপা গছ কাটিব লগীয়া হ'ব বুলি খোদ চৰকাৰী বিভাগেই তেওঁলোকক অৱগত কৰিছে। কিন্তু তেওঁলোকে কৰা জৰীপৰ সময়ত এই সংখ্যা আৰু বহু বৃদ্ধি পাব বুলি সদৰী কৰে। লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় বন্যপ্রাণী পৰিষদেও ৰিং ৰ'ড নিৰ্মাণৰ সময়ত পৰিৱেশ সংৰক্ষণৰ কেতবোৰ নীতি-নির্দেশনা মানি চলাটো বাধ্যতামূলক কৰিছে। ইয়াৰ উপৰি প্রয়োজনত সোণাপুৰৰ পৰা যোৰাবাটলৈ বন্যপ্রাণী অহা-যোৱা কৰা পথ যাতে বন্ধ নহয় তাৰ বাবে এলিভেটেড কৰিডৰ নিৰ্মাণৰো পৰামৰ্শ দিছিল। 

লগতে এই পথছোৱাৰ দিশ সলনি কৰি অভয়াৰণ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ পৰামৰ্শও আগবঢ়াইছিল। কিন্তু চৰকাৰে এই পৰামৰ্শক আওকাণ কৰা বুলি তেওঁলোকে অভিযোগ কৰে। এই গোচৰৰ কালি অনুষ্ঠিত হোৱা শুনানিৰ সময়ত বন বিভাগে গোচৰটোৰ পৰৱৰ্তী শুনানি নোহোৱা পর্যন্ত পথ নির্মাণ বন্ধ ৰাখিব বুলি শপতনামা দাখিল কৰি প্রতিশ্রুতি দিয়ে। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ১৭ মে'ত ধাৰ্য কৰে।

Share This