গুৱাহাটীতেই গঢ়ি উঠিছে এখন সৰু এছিয়া! চাৰিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬

Rashmi January 23, 2026

ডিজিটেল ডেস্কঃ  জ্যোতি চিত্ৰবনত কালি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা দ্বিতীয় গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ (GAFF) বৰ্ণাঢ্য আৰম্ভণি ঘটিছে। ট্ৰেণ্ডিং নাও মিডিয়াৰ উদ্যোগত আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয় তথা এন এফ ডি চিৰ সহযোগত আয়োজিত এই চাৰিদিনীয়া মহোৎসৱ ২৫ জানুৱাৰীলৈকে চলিব। উদ্বোধনী অনুষ্ঠানত ভাৰতীয় চিনেমাৰ খ্যাতনামা পৰিচালক গিৰীশ কাছাৰাৱল্লীৰ লগতে অসমৰ বিশিষ্ট চলচ্চিত্ৰ কৰ্মী মঞ্জু বৰা আৰু উৎপল বৰপূজাৰী উপস্থিত থাকে।

এই মহোৎসৱৰ বিশেষত্বসমূহ তলত দিয়া হ’ল:

আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ : মহোৎসৱত ভিয়েটনাম, দক্ষিণ কোৰিয়া, জাপান, ইৰান আৰু চীনকে ধৰি মুঠ ১০খন এছিয়ান দেশৰ নিৰ্বাচিত ছবি প্ৰদৰ্শিত হ’ব।

ছবিৰ নিৰ্বাচন : প্ৰায় ২০০ খন আৱেদনৰ মাজৰ পৰা ২৬খন শ্ৰেষ্ঠ ছবি এই প্ৰদৰ্শনীৰ বাবে বাছনি কৰা হৈছে। উজবেকিস্তানৰ ছবি ‘ছানডে’ আছিল মহোৎসৱৰ আৰম্ভণি ছবি।

আজিৰ (২৩ জানুৱাৰী) আকৰ্ষণ : মহোৎসৱৰ দ্বিতীয় দিনা খঞ্জন কিশোৰ নাথৰ কাৰ্বি ছবি ‘দ্য লষ্ট পাথ’, ববী শৰ্মা বৰুৱাৰ ‘ৰ’দৰ পাখি’, প্ৰকাশ ডেকাৰ ‘The Woodcutter (গছ কটা মানুহ)’ আৰু মণিপুৰী ছবি ‘ফৌইবী’ প্ৰদৰ্শন কৰা হ’ব। লগতে ভিয়েটনামৰ ছবি ‘কু লি নেভাৰ ক্ৰাইছ’ও আজি দৰ্শকে উপভোগ কৰিব পাৰিব।

শিক্ষামূলক অনুষ্ঠান : কেৱল চলচ্চিত্ৰ প্ৰদৰ্শনীয়েই নহয়, ইয়াত চিনেমা প্ৰেমী তথা নতুন পৰিচালকসকলৰ বাবে মাষ্টাৰ ক্লাছ আৰু পেনেল আলোচনাৰ দৰে বিশেষ কাৰ্যসূচীও ৰখা হৈছে।

প্ৰায় ডেৰশ বছৰীয়া এছিয়ান চিনেমাৰ বিচিত্ৰ সোৱাদ গুৱাহাটীবাসীক একেখন মঞ্চতে প্ৰদান কৰাই এই মহোৎসৱৰ মূল লক্ষ্য।




প্ৰাগ নিউজ ডিজিটেল

Share This