ডিজিটেল ডেস্ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কে প্রতিশ্রুতি দিছিল ছাত্ৰ-ছাত্ৰীৰ মাচুল হ্রাস কৰাৰ। কিন্তু এতিয়া ওলোটাহে হ'ল কথা, ১৫-২০ হাজাৰলৈকে বৃদ্ধি পালে বিশ্ববিদ্যালয়খনৰ নামভৰ্তিৰ মাচুল। যাৰ বাবে কালি বিশ্ববিদ্যালয়খনৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল ছাত্র সমাজ।
কালি ছাত্র-ছাত্রীসকলে কয় যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে এমাহ পূর্বে প্রতিবাদ কৰোঁতে কর্তৃপক্ষই কথা দিছিল যে মাচুলৰ ক্ষেত্ৰত শিক্ষার্থীসকলক বিশেষকৈ ইউ জি পাঠ্যক্ৰমৰ শিক্ষার্থীসকলক অর্থনৈতিকভাৱে সকাহ দিয়া হ'ব। কিন্তু এতিয়া যি হাৰত মাচুল বৃদ্ধি কৰিলে তাৰ বাবে যদি কোনো শিক্ষার্থীয়ে মাচুল দিব নোৱাৰি আধাতে শিক্ষা এৰি গুচি যাব লগা হয় তাৰ বাবে কিন্তু কর্তৃপক্ষ আৰু চৰকাৰ জগৰীয়া হ'ব বুলি ছাত্র-ছাত্রীসকলে সকীয়াই দিয়ে। লগতে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তোলাৰো তেওঁলোকে হুংকাৰ দিয়ে।