জিমখানা ক্লাবৰ ঐতিহ্যবাহী যোৰহাট ঘোঁৰা দৌৰৰ সামৰণি, সন্মানীয় গভর্নছ ক্লাব জিনিলে ঘোঁৰা 'আকাশ টায়ে'

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক: ১৮৬৪ চনতে ব্ৰিটিছসকলে আৰম্ভ কৰা যোৰহাটৰ ঐতিহ্যবহনকাৰী ঘোঁৰা দৌৰে আজিও যোৰহাটবাসীৰ হৃদয় জয় কৰি আহিছে। পৰম্পৰা ৰক্ষা কৰি যোৰহাট জিমখানা ক্লাবৰ উদ্যোগত ৬ মাৰ্চৰ পৰা ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হোৱা যোৰহাট ৰেচৰ কালি সামৰণি পৰে। 

কালিৰ দিনটোত ১০খন ৰেচ সমাপন হয়। ৮ ফার্লং দূৰত্বৰ সন্মানীয় গভর্নছ ক্লাব জয়ী হয় ঘোঁৰা আকাশ টায়ে (মালিক হৰেন টাই)। জকী জাঁজীমুখৰ মংগল সিং মিলি। প্রতিযোগিতাৰ শ্ৰেষ্ঠ জকী সন্মান লাভ কৰে মংগল সিং মিলিয়ে। ইফালে গভর্নছ ক্লাবৰ দ্বিতীয় হয় ঘোঁৰা ৰুদ্ৰ (মালিক) কবি দলে। তৃতীয় স্থান লাভ কৰে ঘোঁৰা ৰুনামে (লক্ষীকান্ত কুটুম)। সাত ফার্লং দূৰত্বৰ বোকাহোলা পাৰ্চ ৰেচত প্রথম মায়াবিনী (ঘনকান্ত পাংগিং), দ্বিতীয় বগাধৰ (উজ্জ্বল দলে) আৰু তৃতীয় স্থান ঘোঁৰা বিকাশে (ৰণজিৎ টায়ে) লাভ কৰে। আনহাতে, তিনি ফার্লং দূৰত্বৰ স্পীড ছার্ভিছেজ পাৰ্চ ৰেচত প্রথম স্থান লাভ কৰে মায়াই (চাইনু টাই), দ্বিতীয় নিৰাক (ৰাজীৱ হুকনগৰা) আৰু তৃতীয় স্থান লাভ কৰে ঘোঁৰা পুনমে (কেশৱ টাই)। চাৰি ফাৰ্লং দূৰত্ব পঞ্জাব ইঞ্জিনীয়াৰিং পাৰ্চ ৰেচত প্রথম মনজিৎ (অজন্ত টাই), দ্বিতীয় তুফান (অঞ্জন মিলি) আৰু তৃতীয় স্থান লক্ষণে (লালচন্দ্র চাহু) লাভ কৰে। ইফালে তিনি ফার্লং দূৰত্বৰ পদ্মশ্রী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা পাৰ্চ ৰেচত ঘোঁৰা অনুৰাগে (নিৰঞ্জন পাংগিং) প্রথম স্থান, নেমাৰে (ৰণজিৎ পেণ্ড) দ্বিতীয় আৰু কুন্দনে (কেশৱ টাই) তৃতীয় স্থান লাভ কৰে। চাৰি ফাৰ্লং দূৰত্বৰ অনিত আগৰৱালা পাৰ্চ ৰেচত প্রথম স্থান লভা কৰে টেমপাৰে (লুহিত দলে), দ্বিতীয় বন্তি (পানীৰাম টাই) আৰু তৃতীয় স্থান মাউচামে (গুণকান্ত পাংগিং) লাভ কৰে। পাঁচ ফার্লং দূৰত্বৰ এজাৰী ক্লাপ ৰেচত প্ৰথম কুলি (বিৰু দলে), দ্বিতীয় ইচা (ৰাজীৱ টাই) আৰু তৃতীয় স্থান বিদ্যুতে (মনেশ্বৰ টাই) লাভ কৰে। প্রতিযোগিতাখনত ছয় ফার্লং দূৰত্বৰ মধুপুৰ চাহ পার্চ ৰেচত ঘোঁৰা পৱনে (গুণকান্ত পাংগিং) প্রথম স্থান, মনজিতে (বিশ্বজ্যোতি দলে) দ্বিতীয় স্থান আৰু ঘোঁৰা বিশালে (পিংকু কুটুম) তৃতীয় স্থান লাভ কৰে। পাঁচ ফার্লং দূৰত্বৰ জয়শ্রী টী পাৰ্চ ৰেচত ঘোঁৰা অৰুণজ্যোতি (নিৰঞ্জন পাংগিং) প্রথম স্থান, ৰিয়ান (বাদল মিলি) দ্বিতীয় আৰু বুৰা ঘৰাই (মৃদুল মিলি) তৃতীয় হয়। আনহাতে, তিনি ফার্লং দূৰত্বৰ মুহিউদ্দিন গুণী আহমেদ পাৰ্চ ৰেচত প্রথম স্থান লাভ কৰে অঞ্জুৱে (দীপক বৰা), দ্বিতীয় স্থান বগা বুৰা (ৰাকেশ টাই) আৰু তৃতীয় স্থান ঘোঁৰা মনজিতে (মনজিৎ টাই) লাভ কৰে। 

ইফালে কালি গভর্নছ ক্লাবৰ বঁটা প্ৰদান কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই। অনুষ্ঠানটোত ৰেচ পৰিচালনা সমিতিৰ সভাপতি প্রভাত কমল বেজবৰুৱা, সম্পাদক জে পি এছ ভামৰা, যোৰহাট জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ প্ৰথম দিনা ১০খন ৰেচ অনুষ্ঠিত হয়। কালি দৃষ্টিনন্দন ডগ শ্ব' অনুষ্ঠিত হয়।

Share This