ডিজিটেল ডেস্ক : লস্কৰ-ই-টয়বাৰ মুৰব্বী তথা কুখ্যাত সন্ত্রাসবাদী হাফিজ ছয়ীদে ভাৰতত আক্ৰমণ কৰাৰ কাৰণে নতুন চক্রান্ত কৰিছে। এই কথা জানিব পৰা গৈছে হাফিজৰ সহযোগী তথা লস্কৰৰ কমাণ্ডাৰ ছৈফুল্লা ছৈফৰ এটা ভিডিঅ'ত। এই ভিডিঅ'টোত ছৈফুল্লাই হাফিজৰ নতুন পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰিছে। সেই অনুসৰি দুৰ্ধৰ্ষ সন্ত্রাসবাদীটোৱে ভাৰতত আক্ৰমণ কৰাৰ কাৰণে বাংলাদেশক 'লান্সপেড' ৰূপে ব্যৱহাৰ কৰিছে। আন কথাত পাকিস্তানত ঘাটি পাতি থকা হাফিজে এইবাৰ বাংলাদেশৰ পৰা ভাৰতত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।
ছৈফুল্লাই কয় যে হাফিজ ছয়ীদ মনে মনে বহি থকা নাই। ছৈফুল্লাই যোৱা ৩০ অক্টোবৰত পাকিস্তানৰ খৈৰপুৰ তমীৱালত এখন জনসমাৱেশত দিয়া ভাষণত কয়, 'হাফিজ ছয়ীদ মনে মনে বহি থকা নাই। তেওঁ বাংলাদেশ হৈ ভাৰতত আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাই আছে।' এই ভিডিঅ'টোত ছৈফুল্লাই ভাৰতৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ আহ্বান জনোৱা শুনিবলৈ পোৱা গৈছে। ভিডিঅ'টোত ছৈফুল্লাই বাংলাদেশক পূব পাকিস্তান বুলি উল্লেখ কৰে আৰু কয়, 'পূব পাকিস্তানত আমাৰ মানুহ সক্ৰিয় হৈ আছে আৰু ভাৰতক প্ৰত্যুত্তৰ দিয়াৰ প্ৰস্তুতি চলাই আছে।' সন্ত্রাসবাদীটোৱে ভাৰতৰ বিৰুদ্ধে জিহাদ চলোৱাৰ কথাও সমাৱেশত কয়। সমাৱেশত দিয়া ভাষণত ছৈফুল্লাই ভাৰতৰ বিৰুদ্ধে হিংসাক মুকলিভাৱে সমর্থন কৰে।
ভিডিঅ'টোত ছৈফুল্লাই এইবুলি কয় যে লস্কৰ-ই-টয়বাই বাংলাদেশৰ পৰা ভাৰতত আক্রমণ কৰাৰ দায়িত্ব দি হাফিজে নিজৰ এজন ঘনিষ্ঠ সহযোগীক পূব পাকিস্তানলৈ (বাংলাদেশ) প্ৰেৰণ কৰিছে। হাফিজৰ এই সহযোগীজনে বাংলাদেশত সন্ত্রাসবাদৰ নতুন নেটৱৰ্ক তৈয়াৰ কৰি ভাৰতত আক্ৰমণৰ ব্লুপ্রিন্ট প্ৰস্তুত কৰি আছে। বাংলাদেশত সক্ৰিয় হৈ পৰা হাফিজৰ সহযোগীয়ে দেশখনক জিহাদৰ নামত স্থানীয় যুৱকক সদস্যভৰ্তি কৰাৰ লগতে সন্ত্রাসবাদৰ প্ৰশিক্ষণ দি আছে। উল্লেখযোগ্য যে লস্কৰৰ কমাণ্ডাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এনেধৰণৰ মন্তব্য দিয়ে। ইফালে ছৈফুল্লাৰ এই মন্তব্যক ভাৰতীয় নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহে গুৰুত্বসহকাৰে লৈছে। সূত্ৰসমূহে প্রকাশ কৰা মতে, ছৈফুল্লাই ৰাজহুৱাভাৱে দিয়া এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে সন্ত্রাসবাদী সংগঠনটোৱে সীমান্তৰ সিপাৰৰ পৰা নতুন পথ তথা নেটৱৰ্কৰ জৰিয়তে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই আছে। নিৰাপত্তা তথা চোৰাংচোৱা সংস্থাসমূহে এতিয়া বাংলাদেশ সীমান্তত নিৰীক্ষণ তথা চোৰাংচোৱা অভিযান বৃদ্ধি কৰিবলৈ ধৰিছে। ছৈফুল্লাই অপাৰেশ্যন সেন্দূৰৰ প্ৰসংগ উল্লেখ কৰি কয় যে যোৱা ৯ মে'ৰ নিশা ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানে প্রত্যুত্তৰ দিয়ে। এতিয়া আমেৰিকা পাকিস্তানৰ লগত আছে আৰু বাংলাদেশো পুনৰ পাকিস্তানৰ ঘনিষ্ঠ হ'বলৈ ধৰিছে।