ডিজিটেল ডেস্ক : মার্কিন যৌন অপৰাধী জেফ্রি এপষ্টেইনৰ সৈতে কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীৰ সাক্ষাতৰ বিষয়টোৱে যথেষ্ট চর্চা লাভ কৰাৰ সময়তে কেন্দ্রীয় মন্ত্রীজনে বুধবাৰে স্পষ্ট কৰে যে তেওঁ এপষ্টেইনক সাক্ষাৎ কৰিবলৈ যোৱাটো সত্য, কিন্তু চৰকাৰী কামতহে তেওঁ প্রয়াত যৌন অপৰাধীজনক সাক্ষাৎ কৰিছিল।
বিশ্বজনীনভাৱে তীব্ৰ বিতর্কৰ সৃষ্টি কৰা 'এপষ্টেইন ফাইল' কেলেংকাৰিত কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীৰ নাম সাঙোৰ খোৱাৰ পাছত বিৰোধী দলটো তেওঁৰ বিৰুদ্ধে সৰব হৈ উঠিছিল। ইয়াৰ পাছতে তেওঁ নিজকে সুৰক্ষা দিবলৈ পুৰীয়ে কয় যে ইণ্টাৰনেশ্যনেল পীচ ইনষ্টিটিউটৰ (আই পি আই) এটা চৰকাৰী প্রতিনিধি দলৰ অংশ হিচাপে তেওঁ জেফ্রি এপষ্টেইনক সাক্ষাৎ কৰিছিল।
এখন সংবাদমেলত পুৰীয়ে কয় যে তেওঁ এপষ্টেইনৰ ব্যক্তিগত দ্বীপলৈ যোৱা নাছিল। তেওঁ যেতিয়া অনুভৱ কৰিলে যে এপষ্টেইন লোকজন ভাল মানুহ নহয়, তেতিয়াৰ পৰাই তেওঁৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছিল বুলি কেন্দ্রীয় মন্ত্রী পূৰীয়ে কয়।