অথলে গ'ল হাৰ্দিকৰ চেঞ্চুৰী

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক : বিজয় হাজাৰে ট্ৰফীত কালি হার্দিক পাণ্ডিযাৰ বিস্ফোৰক চেঞ্চুৰী সত্ত্বেও বৰোদাই বিদৰ্ভৰ হাতত ড'ই কেটত ৯ পৰাজয় বৰণ কৰে। প্ৰথমে বেটিং কৰি হার্দিকৰ ৯২টা বলত ১৩৩ ৰানৰ সহায়ত বৰোদাই ৫০ অভাৰত ৯ উইকেট হেৰুৱাই ২৯৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত বিদৰ্ভই ৪১.৪ অ'ভাৰত এটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। 

বিদৰ্ভৰ অমন মখাডেই ১২১টা বলত ১৫০ ৰানত অপৰাজিত হৈ থাকে। আনহাতে, অর্থব টাইডেই ৬৫ আৰু ধ্ৰুৱ শ্বোৰেইয়ে ৬৫ (অপঃ) ৰান কৰে। হার্দিকে কালি পাৰ্থ ৰেখাডেৰ এটা অ'ভাৰত পাঁচটা ছয় আৰু এটা চাৰিৰে ৩৪ ৰান সংগ্ৰহ কৰে। ইফালে, আন এখন মেচত হায়দৰাবাদে চণ্ডীগড়ৰ বিৰুদ্ধে তিলক বাৰ্মাৰ ১১৮ ৰানৰ সহায়ত ৯ উইকেট হেৰুৱাই ২৮৬ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চণ্ডীগড়ে ১৫০ ৰানত সকলো উইকেট হেৰুৱাই ১৩৬ ৰানত পৰাজয় বৰণ কৰে। 

ইফালে উত্তৰ প্রদেশে ৪৮ অ'ভাৰৰ এখন মেচত সমীৰ ৰিজভীৰ অপৰাজিত ৮০ ৰানৰ সহায়ত পাঁচ উইকেত ৩২২ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত জম্মু আৰু কাশ্মীৰে ৮ উইকেটত ২৬৪ ৰানহে গোটায়। ইফালে, গ্রুপ বিত কর্ণাটকে কালি ত্ৰিপুৰাক ৮০ ৰানত পৰাজিত কৰে। প্রথমে বেটিং কৰি উত্তৰ প্রদেশে দেৱদত্ত পাড়িকালৰ চলিত বর্ষত চতুর্থটো শতকৰ সহায়ত সাত উইকেট হেৰুৱাই ৩৩২ ৰান কৰে। পাড়িকালে ১০৮ ৰান কৰে। প্ৰত্যুত্তৰত ত্ৰিপুৰাই ৪৯ অ'ভাৰত সকলো উইকেট হেৰুৱাই ২৫২ ৰান সংগ্ৰহ কৰে।

Share This