ডিজিটেল ডেস্ক : বিজেপি নেতৃত্বাধীন চৰকাৰখনে স্বাস্থ্য খণ্ডৰ উন্নয়নত এক নতুন দিগন্ত সূচনা কৰা বুলি ঢাক-ঢোল বজাই অহাৰ সময়তে চৰকাৰী ধন ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা লখিমপুৰ জিলাৰ হাৰমতীস্থিত ৫ নং মেৰবিল স্বাস্থ্য উপ-কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাঁচ বছৰৰ পাছতো মুকলি নোহোৱা বিষয়টো সম্প্রতি চর্চালৈ আহিছে। বর্তমান মেৰবিল অঞ্চলত উন্মোচিত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নামত চলা চৰকাৰী অৱহেলাৰ এক জীয়া কাহিনী। হাৰমতী গাঁও পঞ্চায়তৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰটো চৰকাৰীভাৱে মুকলি নকৰাৰ পৰিণতিত বর্তমান হাবি-জংঘলে স্বাস্থ্য কেন্দ্ৰটো আৱৰি ধৰাই নহয়, স্বাস্থ্য কেন্দ্রটো অনৈতিক কাৰ্যকলাপৰ স্থলীলৈহে ৰূপান্তৰিত হৈছে। উল্লেখ্য যে উপ-স্বাস্থ্য কেন্দ্রটো মুকলি কৰিব পৰাকৈ বিদ্যুৎ সংযোগৰ সমান্তৰালভাৱে উন্নতমানৰ শৌচাগাৰ, স্নানাগাৰ, প্ৰস্ৰাৱগাৰকে ধৰি সকলো ব্যৱস্থা কৰা হৈছিল। কিন্তু বছৰৰ পাছত বছৰ ধৰি স্বাস্থ্য কেন্দ্ৰটো মুকলি নোহোৱাত কোনো অজ্ঞাত লোকে ইতিমধ্যে তাত সংস্থাপন কৰা সকলো চিলিং ফেন, লাইটৰ বাল্ব, বিদ্যুৎ সংযোগী তাঁৰসমূহ চুৰ কৰি লৈ যায়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ভূত বঙলা-সদৃশ স্বাস্থ্য কেন্দ্রটোত এতিয়া দৈনিক চলে একাংশ উদণ্ড যুৱকৰ মদ, জুৱা, ড্ৰাগছৰ আড্ডা।
স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি বলীন পাৱেই অতি ক্ষোভেৰে জানিবলৈ দিয়া মতে, ২০০৬-০৭চনৰ পৰাই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অঞ্চলটোত চিকিৎসা সেৱা উন্নয়নৰ দাবীত অসম চৰকাৰ আৰু লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক দাবী জনাই আহিছিল। ৰাইজৰ দাবীৰ প্ৰতি সন্মান প্রদর্শন কৰিয়ে লখিমপুৰ জিলাৰ তদানীন্তন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ২০১৮ চনত হাৰমতী প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ তদানীন্তন স্বাস্থ্য বিষয়া ডাঃ ভাৰতী বৰাৰ উপস্থিতিত ৰাজহুৱা সভাৰ সিদ্ধান্ত অনুসৰি ৫ নং মেৰবিলত এটা উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লয়। সেই অনুসৰি কথা মতেই কামত আগবাঢ়ে জিলা স্বাস্থ্য বিভাগ। উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ বাবে এবিঘা ভূমিও স্থানীয় গাঁওবুঢ়া মলিন মৰাঙে দানসূত্রে আগবঢ়ায়। উক্ত দানকৃত ভূমিভাগক চৰকাৰী স্বীকৃতি দিবলৈ গৈ ২০-০৫-২০১৮ তাৰিখে ৰাজহ বিভাগৰ অধিনিয়ম অনুসাৰে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ নামত আগবঢ়োৱা ভূমি গাঁওবুঢ়া মলিন মৰাঙে জিলা স্বাস্থ্য বিভাগক হস্তান্তৰ কৰে।
জিলা স্বাস্থ্য বিভাগে উপ-স্বাস্থ্য কেন্দ্ৰটোৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰি ২০২০-২১ বৰ্ষত সম্পূৰ্ণ কৰি তুলিছিল। পিছে চৰকাৰী অৱজ্ঞাত আজি পর্যন্ত মুকলি নহ'ল উক্ত উপ-স্বাস্থ্য কেন্দ্রটো। উপ-স্বাস্থ্য কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ অন্তৰ্গত ৫ নং বনুৱা, লক্ষণাবড়ি, খেৰবড়ি, পকাতলী, ৮/১১ অনিচবাৰী, ৭৮/৮১ গ্রান্ট মেৰবিল, শিলিখাগুৰি, মাজগাঁও, দীঘলীপাৰ তথা মেৰবিল কাঠনীকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। কিন্তু আজিকোপতি স্বাস্থ্য কেন্দ্রটো মুকলি নোহোৱাত ৰাইজে তীব্র ক্ষোভ প্রকাশ কৰিছে।