পুৱা খালী পেটত খাওক ৪-৫টা নৰসিংহৰ পাত, নোহোৱা হ’ব পেট আৰু ছালৰ সকলো সমস্যা

Kakali Deka September 22, 2023

ডিজিটেল ডেস্ক : বহু গুণৰ অধিকাৰী নহসিংহ পাত, সেয়েহে আয়ুৰ্বেদত ইয়াক মহৌষধ বুলিও কোৱা হয়, ইয়াত ভিটামিন-চি, মেগনেছিয়াম, আইৰণ, কপাৰ, কেলচিয়াম, ফছফৰাছ, ফাইবাৰ আৰু কাৰ্বহাইড্ৰেট আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায়। দক্ষিণ ভাৰতৰ খাদ্যত ইয়াক অধিক পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়। কেৱল ৰুচিগত দিশৰ পৰাই নহয় স্বাস্থ্যৰ ক্ষেত্ৰতো নৰসিংহ পাত অতি উপকাৰী। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে প্ৰতিদিনে পুৱা খালী পেটত খাওক ৪ৰ পৰা ৫টা নৰসিংহৰ পাত, নোহোৱা হ’ব পেট আৰু ছালৰ সকলো ধৰণৰ সমস্যা।
নৰসিংহ পাতৰ উপকাৰিতা-
১. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা খালী পেটত নৰসিংহ পাত চোবাই খাব পাৰে। ইয়াৰ ফলত তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ইয়াৰ উপৰি এই পাত ৰ’দত শুকুৱাই গুড়ি কৰি বহুদিনলৈ সংৰক্ষণ কৰিও ৰাখিব পাৰি।
২. হ্ৰাস কৰে মেদবহুলতা-যিসকলৰ ওজন বৃদ্ধিৰ বাবে সমস্যাত ভুগিছে তেওঁলোকৰ বাবে নৰসিংহ পাত অতি উপকাৰী। পুৱা খালী পেটত এই পাত চোবাই খালে শৰীৰৰ বিষমুক্ত হোৱাই নহয় বিপাকীয় ক্ৰিয়াও উন্নত হয়। ফলত লাহে লাহে ওজন হ্ৰাস হ’বলৈ আৰম্ভ কৰে।
৩. দূৰ হয় ছালৰ যিকোনো সমস্যা-নৰসিংহ পাত সেৱন কৰিলে দূৰ হয় ছালৰ যিকোনো সমস্যা। এই পাত চোবাই খালে ছালত হোৱা ফোঁহা বা পিম্পল দূৰ হোৱা দেখা যায় আৰু আক্ৰান্ত ঠাইতো লগাব পাৰে।
৪. পেটৰ বিষৰ মুক্তি দিয়ে-পেটৰ বিষৰ সমস্যা থকাসকলে এই পাত উতলাই পানী আধালৈ কমি গ’লে চেকি কুহুমীয়া হ’লে খাওক। দেখিব লাহে লাহে আপুনি পেটৰ বিষৰ সমস্যাৰ পৰা উপশম পাব ধৰিছে।
৫. চুলিৰ বাবে উপকাৰী-যিসকল লোকৰ চুলি সৰা বা অন্যান্য চুলিৰ সমস্যাৰ আছে তেওঁলোকে নৰসিংহ পাত খাব পাৰে। ইয়াৰ ফলত চুলি মজবুত হয় আৰু চুলি সৰা বন্ধ হয়। ইয়াৰ বাহিৰেও যদি আপুনি বিচাৰে তেন্তে ইয়াক পিহি চুলিত লগাব পাৰে, এই মাস্ক চুলিৰ বাবে অতি উপকাৰী।

Share This