উৎকট গৰমে দহিব বিশ্বকঃ ৰাষ্ট্ৰসংঘ

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : প্রবল গ্রীষ্ম প্রৱাহে ভাৰতৰ উত্তৰ আৰু মধ্য অঞ্চলৰ জনজীৱনত প্রভাৱ পেলোৱাৰ সময়তে দেশৰ লগতে সমগ্র বিশ্বলৈ প্রতিকূল বতৰৰ কঠোৰ সতর্কবাণী দিছে ৰাষ্ট্ৰসংঘৰ এখন শেহতীয়া জলবায়ু প্রতিবেদনে। ৰাষ্ট্ৰসংঘই প্রকাশ কৰা এখন নতুন প্রতিবেদনৰ তথ্য অনুসৰি, অহা পাঁচ বছৰত সমগ্ৰ বিশ্বত অতিপাত গৰম হ'ব। জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিঘটনাৰ বাবে বৃদ্ধি হোৱা গোলকীয় উষ্ণতাই বিশ্বৰ অধিকাংশ অঞ্চলতে তাপমাত্রা বৃদ্ধিৰ অভিলেখ সৃষ্টি কৰিব। বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ') চলিত সপ্তাহত পূর্বানুমান কৰা মতে, ২০২৬ আৰু ২০৩০ চনৰ মাজত স্বাভাৱিক মাত্ৰাতকৈ সমগ্র বিশ্বত তাপমাত্রা ১.৫ ডিগ্রী চেলছিয়াছ বৃদ্ধি হ'ব আৰু ইয়াৰ সম্ভাৱনা ৭৫ শতাংশ আছে বুলি 'ডব্লিউ এম অ'ই আশংকা ব্যক্তি কৰিছে। বিশ্বৰ বিভিন্ন অঞ্চলত অতিমাত্ৰা গৰমে জনজীৱন স্তব্ধ কৰি দিব বুলি সংস্থাটোৱে পূর্বানুমান কৰিছে। ডব্লিউ এম অ'ৰ প্রতিবেদনৰ ক্ষেত্ৰত প্রতিক্রিয়া প্রকাশ কৰি ৰাষ্ট্ৰসংঘৰ জলবায়ু মুৰব্বী ছাইমন ষ্টেইলে কয় যে ইউৰোপীয় দেশসমূহৰ লগতে ভাৰততো অহা পাঁচ বছৰৰ ভিতৰত তাপমাত্রা অস্বাভাৱিকভাৱে বৃদ্ধি পাব।

কয়লা, তেল আৰু গেছ বিশাল পৰিমাণত এতিয়াই জ্বলাই থকাৰ বাবে বিশ্বৰ অধিকাংশ অঞ্চলতে মানৱ সমাজ গভীৰ সংকটৰ সন্মুখীন হ'ব। স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ লগতে অর্থনৈতিক দিশতো মানৱ সমাজৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিব। জলবায়ু মুৰব্বীজনে সকীয়াই দিয়ে যে গোলকীয় জলবায়ু সংকটৰ বাবে প্ৰতিখন ৰাষ্ট্ৰৰ জনতাই বিষম পৰিণাম ভুগিব লাগিব। উল্লেখযোগ্য যে ভাৰতত এইবাৰ গ্ৰীষ্মকালীন বাৰিষাৰ সময়তো অধিকাংশ অঞ্চলত তাপমাত্রাই ৪৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) বুধবাৰে পুৱা প্ৰকাশ কৰা বুলেটিনত সতর্কবাণী জাৰি কৰি কয় যে দেশৰ উত্তৰ আৰু মধ্য অঞ্চলত গ্রীষ্ম প্ৰৱাহে গুৰুতৰ ৰূপ ধাৰণ কৰিব। বৃহস্পতিবাৰে পূব মধ্য প্রদেশ আৰু বিদৰ্ভৰ বিভিন্ন অঞ্চলৰ লগতে পশ্চিম ৰাজস্থানত উষ্ণতা ৪৮ ডিগ্রী চেলছিয়াছ অতিক্রম কৰে।

পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে অধিকাংশ অঞ্চলত গৰমে জনজীৱনত গুৰুতৰ প্ৰভাৱ পেলায়। লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ জলবায়ু বিশেষজ্ঞ ফ্ৰেডৰিক অটোৱে কয় যে এইবাৰ সমগ্র ব্রিটেইনৰ তাপমাত্রা স্বাভাৱিকতকৈ ১.৫ ডিগ্রী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিছে। এল নিন'ৰ বৰ্ধিত সংকট আৰু উত্তৰ মেৰু অঞ্চলত উষ্ণতা বৃদ্ধিৰ বাবে ২০৩০ চনৰ ভিতৰত বিশ্বৰ অধিকাংশ অঞ্চলতে তাপমাত্রা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। বিশেষকৈ ২০২৭-২৮ চনত এল নিন'ৰ প্রভাৱে সমগ্ৰ বিশ্বতে গৰমে অভিলেখ গঢ়াৰ সম্ভাৱনা আছে।

Share This