প্ৰসংগ: শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়, বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি

dainik janambhumi November 19, 2025

ডিজিটেল ডেস্ক : বাংলাদেশত সোমবাৰে দেশখনৰ আন্তঃ-ৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত মৃত্যুদণ্ডৰ ৰায় দিয়াৰ পাছত দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। আদালতৰ ৰায়ৰ পাছতে দেশখনৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। সমগ্র দেশখনতে পৰিস্থিতি উত্তেজনাপূর্ণ হৈ আছে। দেশখনৰ অর্ধশতাধিক স্থানত বোমা বিস্ফোৰণ হয়। বিস্ফোৰণত কমেও তিনিজন লোক নিহত হয়। সোমবাৰে সমগ্র নিশাতো সমগ্র দেশখনতে হিংসাত্মক ঘটনা ঘটাৰ বাতৰি পোৱা গৈছে। হিংসাত্মক ঘটনাত এতিয়ালৈকে দুজন লোক নিহত আৰু অর্ধশতাধিক আহত হয়। ৰাজধানী ঢাকাত সোমবাৰে নিশা একাংশ লোকে দেশখনৰ প্ৰতিষ্ঠাপক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ বাসভৱনত অগ্নিসংযোগৰ প্ৰচেষ্টা চলায়। 

আনহাতে, একাংশ লোকে মিঠাই বিতৰণ কৰি থকাৰ সময়ত আন এটা গোটে তেওঁলোকক আক্রমণ কৰে। দুয়োটা পক্ষৰ মাজত হোৱা সংঘর্ষত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। ঢাকাৰ মীৰপুৰ পথ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰত যাতায়াতৰ লগতে দোকান-পোহাৰসমূহ বন্ধ কৰি দিয়া হয়। আৰক্ষীয়ে সেই স্থানৰ পৰা প্ৰতিবাদকাৰীক আঁতৰোৱাৰ চেষ্টা কৰে, কিন্তু দুপৰীয়া প্রায় ২-৪৫ বজাত প্ৰতিবাদকাৰীৰ হেঁচাত আৰক্ষীৰ বিষয়াসকল পিছ হুঁহকিবলৈ বাধ্য হয়। পাছত আৰক্ষীৰ লগতে সেনা আৰ আৰ এ বিৰ লোক তাত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। গোপালগঞ্জৰ এখন থানত কালি বোমা বিস্ফোৰণৰ ফলত আৰক্ষীৰ তিনিজন লোক আহত হয়। উল্লেখযোগ্য যে আই চি টিৰ ৰায়ৰ প্ৰতিবাদত আজি শেখ হাছিনাৰ আৱামী লীগে দেশখনত বন্ধৰ আহ্বান জনায়। আৱামী লীগে এইবুলি ঘোষণা কৰে যে অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে পদত্যাগ নকৰালৈকে দেশখনত বন্ধ তথা প্রতিবাদ অব্যাহত থাকিব। বন্ধৰ সময়ছোৱাত ঢাকাত প্রতিবাদ সাব্যস্ত কৰা হয় আৰু দোকান-পোহাৰ তথা ব্যাৱসায়িক প্রতিষ্ঠান বন্ধ আছিল। বাংলাদেশৰ বাতৰিকাকত ডেইলী ষ্টাৰে প্ৰকাশ কৰা মতে আই টি চিৰ ৰায়ৰ পাছত ঢাকাকে ধৰি পাঁচখন জিলাত দুখন স্কুল আৰু ভালেমান বাহনত অগ্নিসংযোগ কৰা হয়। চৰকাৰী প্ৰতিষ্ঠানসমূহতো আক্ৰমণ কৰা হয়। ইফালে শ্বেখ হাছিনাৰ বিৰুদ্ধে আই চি টিয়ে দিয়া ৰায়টোৰ পাছতে দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পাছতে দেশখনত অপসাৰিত প্ৰধানমন্ত্ৰীগৰাকীৰ বিবৃতি বা মন্তব্যক প্ৰচাৰ তথা সম্প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজধানী ঢাকাকে ধৰি দেশখনৰ বিভিন্ন অংশৰ পৰিস্থিতি উত্তেজনাপূর্ণ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি মহম্মদ ইউনুছৰ নেতৃত্বৰ অন্তৰ্বর্তী চৰকাৰে জাৰি কৰা এটা আদেশত কোৱা হৈছে যে দেশখনৰ বাতৰিকাকতসমূহে হাছিনাৰ কোনোধৰণৰ মন্তব্য প্রকাশ কৰিব নালাগে, কিয়নো ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব পাৰে। 

ডেইলী ষ্টাৰে উক্ত নির্দেশৰ উদ্ধৃতি দি কয়, 'আমি সংবাদ মাধ্যমসমূহক এইবুলি অনুৰোধ জনাইছোঁ যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত কাম কৰক। একাংশ সংবাদ প্রতিষ্ঠানে দোষী আৰু পলাতক হাছিনাৰ বিবৃতি সম্প্ৰচাৰ বা প্ৰকাশ কৰি আছে।' ইয়াৰ লগতে কোৱা হয় যে আদালতে দোষী সাব্যস্ত কৰা আৰু দেশখনৰ পৰা পলাই থকা ব্যক্তিৰ মন্তব্য প্ৰচাৰ বা সম্প্ৰচাৰ কৰাটো ছাইবাৰ নিৰাপত্তা অধ্যাদেশৰ উলংঘা। হাছিনাৰ মন্তব্য বা বিবৃতি প্রকাশ কৰা সংবাদ প্রতিষ্ঠানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি লগতে সতৰ্ক কৰি দিয়া হয়। ইফালে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কাৰ্যালয়ে আই চি টিৰ ৰায়টোক পীড়িতসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষণ বুলি অভিহিত কৰে। ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগৰ মুৰব্বী ব'ল্কাৰ তুর্কে কয় যে সংগ্ৰহ কৰা তথ্যই দেশখনত চৰকাৰী অনিয়ন্ত্রিত হিংসা আৰু উদ্দেশ্যপ্রণোদিতভাৱে হত্যা কৰাৰ এখন উদ্বেগজনক প্রতিচ্ছবি দাঙি ধৰে আৰু ই মানৱাধিকাৰৰ উলংঘা আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধো হ'ব পাৰে। কিন্তু ৰাষ্ট্ৰসংঘই সকলোধৰণৰ মৃত্যুদণ্ডক বিৰোধিতা কৰে। তেওঁ গোচৰটোৰ দায়িত্বপূর্ণ, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধত অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত প্ৰক্ৰিয়াৰে আৰু নিৰপেক্ষ শুনানি তথা আন্তঃৰাষ্ট্ৰীয় মানৰ ভিত্তিত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগে। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটাৰেছেও তুৰ্কৰ মন্তব্যত একমত প্রকাশ কৰে আৰু ৰাষ্ট্ৰসংঘই যিকোনো পৰিস্থিতিতে মৃত্যুদণ্ডৰ ৰায়ৰ বিৰোধিতা কৰে বুলি কয়।

Share This