উৎকট গৰমত তিনিটা কথা মন কৰিব

Dainik Janambhumi July 28, 2024

মধুমিতাৰ একলম ......     
ডঃ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ 

ডিজিটেল ডেস্কঃ উফ গৰম বুলি সৌন্দৰ্য হ্ৰাস পাব দিবলৈ পৰা যায় নে ? উৎকট গৰমত তিনিটা কথা মন কৰিব :-
১. ছালত বেছি ঘাম বা মলি জমা হব নিদিব। 
২. ছালৰ আৰ্দ্ৰতা হ্ৰাস পাব নিদিব। 
৩ . ছালত ৰাসায়নিক দ্ৰব্য লগাই লগাই ছালখন নষ্ট নকৰিব ।
তাৰ বাবে কি কৰিব লাগিব -
১. আৰেহ বিৰিণা, মৌ, গ্লিচাৰিণযুক্ত চাবোনেৰে ফেনাই মালিচ কৰিব। পৰিষ্কাৰ পানীৰে ধুব। কোমল গামোচাৰে ঠপ ঠপাই পানী টুকিব। 
২. পৰিষ্কাৰ ছালত গোলাপ, নুনী, অসমৰ চাউলৰ লামইষ্ট লগাই মালিচ কৰিব। আটাইখিনি থলুৱা আৰু প্ৰাকৃতিক হোৱা বাবে ছালৰ ৰং উজ্জ্বল হয় আৰু আৰ্দ্ৰতা অটুত থাকিব। দিনত ২-৩ বাৰ লগাব। 
৩. ৰাসায়নিক পদাৰ্থ বেয়া নহয় , কিন্তু আপোনাৰ ছালখন যদিহে স্পৰ্শকাতৰ হয় তেনেহʼলে সহ্য কৰিব নোৱাৰে আৰু চৰ্মকোষ সমূহে কষ্ট পায়। সেয়ে কাজি নেমুৰ বাকলি আৰু পানী টেঙাৰ উচিত মিশ্ৰণেৰে তৈয়াৰ কৰা চাইট্ৰাচ ছিৰাম ২-৩ টোপালমান ছালত সঘনাই ঠপঠপাই লগাব। 
এইখিনি এসপ্তাহ কৰি চাবচোন, গৰমৰ দিনতো আপোনাৰ ছাল জিলিকি থাকিব।

Share This