ডিজিটেল ডেস্ক : বাংলাদেশত পুনৰ সংখ্যালঘু হিন্দুক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। দেশখনৰ কোমিল্লা অঞ্চলত যোৱা ৭ মাৰ্চত এখন পূজাৰ বাবে সমবেত হোৱা ৰাইজক লক্ষ্য কৰি বোমা নিক্ষেপ কৰা হয়।
এই বোমাৰ আক্ৰমণত মন্দিৰটোৰ পূজাৰীসহ কেইবাজনো লোক আহত হয়। মন্দিৰটোৰ মুখ্য পূজাৰী কেশৱ চক্ৰৱৰ্তী বোমা আক্ৰমণটোত গুৰুতৰভাৱে আহত হয়। তেওঁক ইতিমধ্যে চিকিৎসাৰ বাবে হস্পিটেলত ভর্তি কৰোৱা হৈছে। আনহাতে, মন্দিৰটোত পূজাৰ অনুষ্ঠান হৈ থকাৰ সময়ত সমৱেত লোকসকলক লক্ষ্য কৰি কৰা বোমা আক্ৰমণটোৰ সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত আবদ্ধ হয়।
উল্লেখযোগ্য যে ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা বাংলাদেশত হিন্দু নিগ্ৰহৰ ঘটনা বৃদ্ধি পাইছে। ২০২৫ চনৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈকে ২০জনতকৈ অধিক হিন্দু লোকক দেশখনত নৃশংসভাৱে হত্যা কৰা হৈছে। তদুপৰি হিন্দুৰ মন্দিৰ লণ্ড-ভণ্ড, বালাৎকাৰ আৰু বলপূর্বক সম্পত্তি দখলৰ ঘটনা প্রায়ে সংঘটিত হৈ আছে দেশখনত।