বাংলাদেশত পুনৰ জ্বলাই হত্যা হিন্দু যুৱকক

dainik janambhumi January 27, 2026

ডিজিটেল ডেস্ক: বাংলাদেশত পুনৰ এজন হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। যোৱা ২৩ জানুৱাৰীৰ নিশা দেশখনৰ নৰসিংদী অঞ্চলত নিজৰ দোকানৰ ভিতৰত শুই থকাৰ সময়তে জীৱন্তে পুৰি মৰা হয় চঞ্চল চন্দ্র ভৌমিক নামৰ এজন ২৩ বছৰীয়া মটৰ গেৰেজ কৰ্মীক। অচিনাক্ত দুষ্কৃতিকাৰীয়ে দোকানখনৰ শ্বাটাৰ বাহিৰৰ পৰা বন্ধ কৰি পেট্রল ঢালি দিয়ে দোকানখনত আৰু অগ্নিসংযোগ কৰে। 

প্রত্যক্ষদর্শীসকলে প্রকাশ কৰা মতে, দোকানখনত জুই লগাৰ বাবে ভিতৰত শুই থকা চঞ্চলৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়। চঞ্চলৰ মৃত্যু নোহোৱা পর্যন্ত দুষ্কৃতিকাৰীবোৰ দোকানৰ বাহিৰত থাকি বন্য উল্লাসত মত্ত হৈ আছিল আৰু তাৰ পাছত নির্বিঘ্নে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল। উল্লেখযোগ্য যে চঞ্চল আছিল বাংলাদেশী হিন্দু পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত তেৱেঁই আছিল অসুস্থ মাতৃ আৰু এজন বিকলাংগ ভাতৃৰ একমাত্ৰ সাৰথি। যোৱা ছবছৰ ধৰি নৰসিংদীৰ এটা মটৰ গেৰেজত কৰ্মচাৰী হিচাপে কাম কৰি আছিল আৰু নিশাৰ ভাগত দোকানতে কটাই ছিল। স্থানীয় বাসিন্দা আৰু গেৰেজটোৰ মালিকে কোৱা মতে, চঞ্চল এজন সৎ আৰু অমায়িক যুৱক আছিল আৰু তেওঁৰ কোনো লোকেৰে শত্রুতা নাছিল। পৰিয়ালৰ লোকসকলে অভিযোগ কৰা মতে, এয়া হৈছে পৰিকল্পিত হত্যাকাণ্ড। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বাংলাদেশত হিন্দু সংখ্যালঘু লোকসকলক নৃশংসভাবে হত্যা কৰা হৈছে। হিন্দু সংখ্যালঘুৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ দেশখনৰ ইছলামিক মৌলবাদী সংগঠনৰ লোকসকলে হিন্দু সম্প্ৰদায়ৰ লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি আছে। লক্ষণীয়ভাৱে বাংলাদেশত জীয়াই জীয়াই হিন্দু যুৱকক পুৰি মৰাৰ এইটো দ্বিতীয় ঘটনা। ইয়াৰ পূৰ্বে দীপু চন্দ্ৰ দাস নামৰ হিন্দু যুৱকজনক মৰিয়াই মৰিয়াই গছত বান্ধি দুষ্কৃতিকাৰীয়ে জীৱন্তে জ্বলাই মাৰিছিল। আনহাতে, যোৱা দিনবোৰত কেইবাজনো হিন্দুবাংলাদেশীক দেশখনত নির্দয়ভাৱে হত্যা কৰা হৈছে। ইয়াক লৈ ভাৰতেও ইতিমধ্যে প্রতিক্রিয়া প্রকাশ কৰি দেশখনত হিন্দুক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত উদ্বেগ প্রকাশ কৰিছে।

Share This