ঐতিহাসিক ৰায়
Dainik Janambhumi
October 18, 2024
ডিজিটেল ডেস্কঃ অসমৰ অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ ভিত্তিবৰ্ষৰ বৈধতাক লৈ অসম চুক্তি সম্পাদনৰ পাছৰে পৰা যি এক বিবাদ অব্যাহত আছিল উচ্ছতম ন্যায়ালয়ৰ এখন সাংবিধানিক বিচাৰপীঠে আজি প্ৰদান কৰা এক ঐতিহাসিক ৰায়ৰ জৰিয়তে সেই বিবাদৰ আপাততঃ ইতি পেলালে বুলি ক’ব পাৰি৷ আজিৰ ৰায়টোৱে গুচৰীয়া অসম সন্মিলিত মহাসংঘৰ দেশৰ সংশ্লিষ্ট আইনৰ আধাৰতে অসমৰ অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ আৰ্জিক নাকচ কৰাৰ বিপৰীতে অসম চুক্তিৰ ভিত্তিবৰ্ষটোকে বৈধ বুলি ঘোষণা কৰিলে৷
চ্ছ্ৰঃৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰদান কৰা ৰায়টোৱে নাগৰিকত্ব আইন ১৯৫৫১ আধাৰিত অসম চুক্তিকেন্দ্ৰিক ৬ (এ) দফাটোক বৈধতা প্ৰদান কৰিছে য’ত কোৱা হৈছে যে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে অসমত প্ৰৱেশ কৰাসকলক ভাৰতীয় নাগৰিকৰ মৰ্যাদা আৰু অধিকাৰ প্ৰদান কৰা হ’ব আৰু ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে নিৰ্দিষ্ট ভূখণ্ডৰ পৰা (বাংলাদেশ) অসমত প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলকো একেই মৰ্যাদাই প্ৰদান কৰা হ’ব যদিও ১০ বছৰৰ বাবে তেওঁলোকৰ ভোটাধিকাৰ নাথাকিব৷ অৰ্থাৎ, ১৯৭১ চনৰ ২৫ মাৰ্চৰ যি ভিত্তিবৰ্ষ অসম চুক্তিয়ে নিৰ্ধাৰণ কৰিছিল, সেইটোৱেই অৱশেষত ন্যায়িকভাৱে বৈধ বুলি স্বীকৃত হ’ল৷ এই ৰায়ৰ পাছত উৎফুল্লিত হৈ পৰা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন সদৌ অসম ছাত্ৰ সন্থাই ফটকা ফুটাই উল্লাস প্ৰদৰ্শন কৰা দেখা গৈছে আৰু অসম চুক্তিক সন্মান কৰি ইয়াৰ আধাৰতে ৰাজ্যৰ জ্বলন্ত অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান বিচৰাসকলে স্বস্তিৰ নিশ্বাস পেলাইছে৷
অৱশ্যে সাংবিধানিক বিচাৰপীঠখনৰ এগৰাকী ন্যায়াধীশ জে বি পৰ্ডিৱালাই এই ৰায়টোক সমৰ্থন কৰা নাই৷ তেওঁ ৬ (এ) দফাটোক অসাংবিধানিক বুলি কোৱাৰ লগতে এই দফাটোৰ অনুসৰি সময়মতে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ইয়াৰ গ্ৰহণযোগ্যতা নোহোৱা হৈ পৰা বুলি মন্তব্য কৰিছে৷ ন্যায়াধীশগৰাকীয়ে দিয়া অভিমতত কৈছে যে ১৯৬৬ চনৰ ৰ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অসমত প্ৰৱেশ কৰা ব্যক্তিসকলৰ ৬ (এ) দফা মতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’ব লাগিছিল, কিন্তু সময়মতে কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এই লোকসকলৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাথাকিল৷ এইবিলাক কাৰণতে ন্যায়াধীশগৰাকীয়ে নাগৰিকত্ব আইন ১৯৫৫ আধাৰিত ৬ (এ) দফাক মান্যতা প্ৰদান কৰাটোত বিৰোধিতা কৰিছিল৷ কিন্তু যিহেতু ৪:১ সংখ্যাগৰিষ্ঠতা ভিত্তিত ৬ (এ)ৰ বৈধতাক স্বীকাৰ কৰা হ’ল, গতিকে পীঠৰ এগৰাকী ন্যায়াধীশৰ এই অভিমতৰ এতিয়া বাস্তৱ মূল্য নাথাকিল৷ ১৯৭১ চনৰ ২৫ মাৰ্চে ভিত্তিবৰ্ষৰ বৈধতা লাভ কৰাৰ পাছত অসম চুক্তিক লৈ এতিয়া বিতৰ্কৰ কোনো ন্যায়িক অৱকাশ নাথাকিব৷
তদুপৰি অসম চুক্তিৰ আধাৰত উচ্ছতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা উন্নীতকৃত নাগৰিক পঞ্জীখনেও মান্যতা লাভ কৰিলে৷ ইয়াক এতিয়া নাগৰিকত্বৰ আনুষ্ঠানিক আৰু বৈধ দলিলৰূপে গ্ৰহণ কৰিবলৈ চৰকাৰ বাধ্য হ’ব৷ এতিয়া প্ৰশ্ন এইটোহে যে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়খনে দেশৰ প্ৰকৃত নাগৰিক কোন আৰু অবৈধ নাগৰিক কোন তাৰ এটা স্পষ্ট সীমাৰেখা ঘোষণা কৰি দিয়াৰ পাছত অবৈধসকলক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব? এটা কথা ক’বই লাগিব যে উচ্ছতম ন্যায়ালয়ে আজিৰ ৰায়টোৰ জৰিয়তে অসম চুক্তিক ন্যায়িক মান্যতা প্ৰদান কৰিলে যদিও ই ছবছৰীয়া অসম আন্দোলনৰ দাবী বা চেতনাক প্ৰতিনিধিত্ব কৰিব নোৱাৰিলে৷ ভাৰতীয় সংবিধানক সন্মান জনাই অসম আন্দোলন হৈছিল ১৯৫১ চনৰ পাছত অসমত সোমোৱা অবৈধ বিদেশীসকলক বহিষ্কাৰৰ দাবীত৷ সেই দাবীৰ বাবেই ৮৫৫জন অসমীয়া শ্বহীদ হৈছিল, বহু পংগু হৈছিল, অগণন লোকে নিৰ্যাতন ভুগিছিল৷ এসময়ত ১৯৬৭ চনক ভিত্তিবৰ্ষ কৰি এখন চুক্তি কৰিবলৈ তদানীন্তন ইন্দিৰা গান্ধীৰ চৰকাৰ সাজু হৈছিল যদিও ’৫১ৰ দাবীত আঁকোৰগোজ হৈ থকা আন্দোলনৰ নেতৃবৰ্গই সেই প্ৰস্তাৱলৈ সঁহাৰি নিদিলে৷ কিন্তু ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা সেই আন্দোলনকাৰী নেতৃবৰ্গয়েই ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ কৰা চুক্তিখনত স্বাক্ষৰ কৰিলে৷ গতিকে এই ভিত্তিবৰ্ষটোক আপোচৰ ভিত্তিবৰ্ষ বুলিয়েই গণ্য কৰি আহিছে অসম আন্দোলন কৰা বৃহৎ অংশ এটাই আৰু সেই অংশটোকে প্ৰতিনিধিত্ব কৰি মতিউৰ ৰহমানৰ নেতৃত্বত অসম সন্মিলিত মহাসংঘই চুক্তিখনৰ ভিত্তিবৰ্ষক প্ৰত্যাহবান জনাই উচ্ছতম ন্যায়ালয়ত গোচৰ তৰিছিল৷ অৱশ্যে উচ্ছতম ন্যায়ালয়ৰ ৰায়টো মানি লোৱাৰ গত্যন্তৰো নাই৷
অসম আন্দোলনৰ সূচনাৰ ৪৫ বছৰৰ পাছত, নতুন নতুন সামাজিক সমস্যাৰ উত্থান, বিদেশী বহিষ্কাৰৰ সংগ্ৰাম কৰাসকলৰ মাজতে সংঘাত, মতানৈক্য, ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ অভাৱনীয় পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আজি ১৯৫১ বা ২০১৪ৰ ভিত্তিবৰ্ষৰ পাৰ্থক্য নোহোৱা হৈ পৰিছে৷ বিদেশী চিনাক্ত আৰু বহিষ্কৰণৰ প্ৰক্ৰিয়াটো যে সহজ নহয় আৰু ৰাজনৈতিক দলবিলাকৰো এইক্ষেত্ৰত বৰ বেছি আন্তৰিকতা নাই সেইটো স্পষ্ট হৈ পৰিছে৷ গতিকে ১৯৭১ চনৰ ২৫ মাৰ্চক উচ্ছতম ন্যায়ালয়ে বৈধতা প্ৰদান কৰাৰ পাছত ৰাজ্যবাসীয়ে এইটোৱেই বিচাৰিব যে ভিত্তিবৰ্ষ বা বিদেশীৰ সমস্যাটো যাতে ভৱিষ্যতে ওলমি থাকি ৰাজ্যখনৰ পৰিৱেশ অশান্ত হৈ নাথাকে, ইয়াৰ এটা স্পষ্ট মীমাংসা হওক৷
Share This