ডিজিটেল ডেস্ক: আপোনালোকে যোৱা ১০ বছৰে মোদী জী, সর্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শর্মাক আশীর্বাদ দি আহিছে। আপোনালোকে আৰু পাঁচ বছৰ আমাক আশীর্বাদ দিয়ক। দহ বছৰ আপোনালোকে পদুম ফুলাইছে আৰু পাঁচ বছৰ অসমত পদুম ফুলিবলৈ দিয়ক।' অসমবাসীক এই আহ্বান জনাইছে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে।
বিধানসভা নির্বাচনলৈ মাজত মাথোঁ প্রায় তিনি মাহ বাকী থকাৰ সময়তে কালি অসমলৈ অহা কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে খানাপাৰাত অসম চৰকাৰে নিৰ্মাণ কৰা 'জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ' মুকলি কৰি এক প্ৰকাৰ নিৰ্বাচনৰ ৰণডংকা বজালে। তেওঁ কয়, 'অহা মার্চ, এপ্রিল মাহত নির্বাচন অনুষ্ঠিত হ'ব, আপোনালোকে এনেকুৱা এখন চৰকাৰ আনক যি অনুপ্ৰৱেশকাৰীক খেদিব, যিয়ে অসমৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰে।' অনাগত পাঁচ বছৰৰ বাবে বিজেপিক আশীৰ্বাদ দিলে, আমি বিচাৰি বিচাৰি এটা এটাকৈ বিদেশীক খেদিম বুলি স্পষ্ট কৰি দি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে লগতে কয় কাজিৰঙা, সত্ৰৰ ভূমি অনুপ্ৰৱেশকাৰীয়ে দখল কৰিছিল। চৰকাৰে এনে দখলীকৃত প্রায় এক লাখ ৪৫ হাজাৰ ভূমি উদ্ধাৰ কৰিছে। অসম তথা অসমীয়াৰ ৰক্ষাৰ কথা কৈ থকা কংগ্ৰেছেই ১৯৮৩ চনত অনুপ্ৰৱেশকাৰী সুৰক্ষাৰ বাবে আইন প্ৰৱৰ্তন কৰিছিল বুলি মত প্রকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিয়েহে অসমৰ কলা-সংস্কৃতি তথা ৰাজ্যৰ খিলঞ্জীয়া ৰাইজক সুৰক্ষা প্ৰদান কৰিব পাৰিব। বিৰোধীয়ে অনুপ্ৰৱেশকাৰীক লৈ ভোট বেংকৰ ৰাজনীতি কৰি অহা বুলি মত প্রকাশ কৰি তেওঁ কয় বিৰোধীয়ে অসমৰ অনুপ্রৱেশ ৰোধ কৰাৰ লগতে অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰি অসমক ৰক্ষা কৰিবলৈ সংকল্পবদ্ধ।
উল্লেখযোগ্য যে মা কামাখ্যাক প্রণাম জনাই আৰম্ভ কৰা ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ, লাচিত বৰফুকন, লোকপ্রিয় গোপীনাথ বৰদলৈ, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গকো শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। লোকপ্রিয় গোপীনাথ বৰদলৈক সোঁৱৰণ কৰি তেওঁ কয়, 'গোপীনাথ বৰদলৈ নথকা হ'লে অসমখন ভাৰতৰ অংশ হৈ নাথাকিলহেঁতেন। অসমৰ অস্তিত্বৰ সকলো কৃতিত্ব বৰদলৈৰ।' জ্যোতি বিষ্ণুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে জ্যোতি প্ৰসাদৰ এটা কবিতাৰ পংক্তি আওৰাই কয়, 'জ্যোতি প্রসাদে সাহিত্য সংগীত নাটকক দেশভক্তিৰ সৈতে জড়িত কৰিছিল। তেওঁ অসমীয়া চিনেমাৰ ভেটি স্থাপন কৰিছিল। আনহাতে কলাগুৰুৱে মজদুৰ, কৃষকৰ উন্নয়নৰ বাবে মাত মাতিছিল। দৰিদ্ৰতা, অসমতা আৰু সামাজিক অসমতাৰ বিৰুদ্ধেও তেওঁ সৰৱ আছিল। একেদৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে অসমৰ সংস্কৃতি তথা কলাক ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নি সমগ্ৰ বিশ্বতে প্রসিদ্ধ কৰিছিল বুলি উল্লেখ কৰে শ্বাহে। ভাষণত অসমৰ উন্নয়নৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে পূৰ্বতে এনেদৰে পাঁচ হাজাৰ লোক বহিব পৰা প্ৰেক্ষাগৃহৰ কথা কোনেও ভাবিবই পৰা নাছিল। এতিয়া সেই সপোন পূৰণ হৈছে। এই কলা কেন্দ্ৰ অসমৰ উন্নয়নৰ প্রতীক। প্ৰধানমন্ত্ৰীৰ এঘাৰ বছৰীয়া শাসন কালত অসমে দেশৰ আন ৰাজ্যৰ সৈতে সমানে খোজ পেলাই আগবাঢ়িবলৈ সক্ষম হৈছে বুলি জনাই তেওঁ কয়, 'অসম আজি দুঃস্বপ্নৰ মাজৰ পৰা ওলাই আহিছে। দহ বছৰৰ আগতে অসম বোমা বিস্ফোৰণ, আন্দোলন আদিৰ বাবে বিখ্যাত আছিল। কিন্তু আজি সেই দিন উকলিল। এতিয়া অসম বিকাশৰ পথেৰে আগবাঢ়িছে। ইটোৰ পাছত সিটোকৈ উদ্যোগ স্থাপন হৈছে। কাজিৰঙালৈ পৰ্যটক আহিছে। অসম আন্দোলনৰ অসম শ্বহীদসকলক স্মৰণ কৰি নিৰ্মাণ কৰা হৈছে শ্বহীদ স্মাৰক। অসমৰ বাবে আমি কিছু কৰিছোঁ কিন্তু আৰু বহুত কৰিবলৈ বাকী আছে বুলি জনাই এই ক্ষেত্ৰত ৰাইজৰ সহায় বিচাৰে।
উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানত অসম চৰকাৰে বাংগালুৰুলৈ নি চিকিৎসা কৰাই সুস্থ কৰি তোলা এক হাজাৰ হৃদৰোগীও উপস্থিত আছিল। এই প্রসংগত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক প্রশংসা কৰি কয় যে তেওঁৰ প্ৰচেষ্টাতে অসমৰ হাজাৰ হাজাৰ শিশুৱে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। জীয়াই থকাৰ অধিকাৰ লাভ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে এখন গামোচাসহ জ্যোতি প্রসাদ আৰু বিষ্ণু ৰাভাৰ প্ৰতিকৃতি সম্বলিত এক স্মাৰকো প্রদান কৰে।