মাইক্ৰো কাৰেণ্ট থেৰাপীয়ে ছালখন কেনেদৰে সক্ৰিয় কৰে?

Dainik Janambhumi November 30, 2024

ডিজিটেল ডেস্কঃ  মধুমিতাৰ একলম ......     
                 ড০ মধুমিতা শইকীয়া, সৌন্দৰ্য শিক্ষাবিদ

 

বৰ্তমান সময়ৰ যোগ এনে হৈছে যে নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজত যুঁজ দিবলৈও যেন সাহস নোহোৱা হৈ যায়। এইবাবে নহয় যে আমাৰ শক্তি নাই বা সৎ সাহস নাই। আমাৰ সততা আছে, অৰ্হতা আছে, ক্ষমতা আছে আৰু আমি ভুল পন্থাৰে আগবাঢ়িব নোখোজোঁ।  
বৰ্তমান ছল-চাতুৰি কৰি অসৎ মানুহখিনি আগবাঢ়ি যায় সাময়িকভাৱে  কিন্তু কিছু দূৰ বাট বুলি টুপুককে পৰি যায়। সিংহ সদায় ৰজা, শিয়ালৰ বুদ্ধি বেছি হ’লেও খেদা খাওঁতে যায়। 
কথাখিনি এইবাবে কলো কাৰণ সৎ পথেৰে চলা বহু বিউটিচিয়েন সাংঘাতিক আৰ্থিক অৱস্থাৰ মাজেৰে গৈ আছে। আৰু কিছুমান পাবত গজাই ফটফটাই আছে। শিক্ষাগত অৰ্হতা, প্ৰশিক্ষণ নাই কিন্তু বজাৰত পোৱা মেচিন কিনি দোকানীয়ে দেখুওৱা মতে চলাই   গ্ৰাহকক আভুৱা-ভাঁৰি আছে। গ্ৰাহকখিনিও কম নহয় সস্তাত ধুনীয়া হ’ব লাগে। ফলত ছাল চুলি জ্বলাই সৎ পথেৰে চলাখিনিৰ কাষ চাপে। শাকত নেখাই লোণ, পিটিকাত যায় তিনিগুণ। 
মাইক্ৰো কাৰেণ্ট হৈছে তেনে এবিধ মেচিন। সৰু যদিও খুউব প্ৰভাৱশালী।  মাইক্ৰো কাৰেণ্ট  deliver tiny currents of electricity to the face. These microcurrents stimulate the skin and muscles with the aim of improving benefits, including promoting wound healing, reducing inflammation, boosting circulation, and improving muscle function. Additionally, unlike other more invasive procedures, microcurrent facials involve no incisions or anesthesia. 
মাইক্ৰো কাৰেণ্ট ব্যৱহাৰ কৰি ছাল, ছালৰ তলৰ মাংসপেশীৰ flexibility বঢ়াব পাৰি। বয়সৰ বাবে ওলমি পৰা ছাল, মাংসপেশী টাইট কৰি ল’ব পাৰে। ছালৰ তৰপৰ মাজলৈ তেজৰ চলাচল বাঢ়ে বাবে ছাল কোমল, উজ্জ্বল, মসৃণ হয়। সৰু সুৰা বলি ৰেখাবোৰ আঁতৰে। কিন্তু ব্যৱহাৰ কৰিব নেজানিলে হিতেই বিপৰীত হয়। কোন ছালত কি প্ৰডাক্টছৰ লগত ব্যৱহাৰ কৰিব, কোন দিশৰ পৰা কোন দিশলৈ নিব , কোন ঠাইত কোনডাল muscle follow কৰিব, ক’ত কোন lymphatic nodes কিমান দেৰি কেনেকৈ কৰিব জনাটো বহুত দৰকাৰ। সেইবাবেই কওঁ টকা আছে বুলি অকল মেচিনতে খৰচ নকৰিব । ট্ৰেইনিঙত খৰচ কৰক আগতে, শিকক ভালকৈ, তাৰ পিছত অভিজ্ঞ হৈ গ্ৰাহকৰ ওপৰত প্ৰয়োগ কৰিব সাহস কৰক। মনত ৰাখিব গ্ৰাহক গিনিপিগ নহয়। 
(পঢ়ি কেনে পাইছে জনাবচোন। কিবা জানিবলৈ থাকিলে 9435046516ত হোৱাটছএপ মেছেজ দিব পাৰে। )

Share This