এই ৫ টা ঘৰুৱা উপায়েৰে ঘৰত নিগনি নোহোৱা কৰো আহক

Kakali Deka August 24, 2023

ডিজিটেল ডেস্ক: নিগনিয়ে আমাক বহুত ধৰণে অশান্তিৰ সৃষ্টি কৰে। সেয়া লাগিলে কাপোৰ কুটি নষ্ট কৰাই হওঁক নাইবা খাদ্য সামগ্ৰীত মুখ দি  খোৱাৰ অনুপযোগী কৰাই হওঁক। মুঠতে নিগনিৰ সমস্যাই গৃহস্থক অতিষ্ঠ কৰি তোলে। নিগনিৰ পৰা ৰক্ষা পাবলৈ বহুতে বজাৰৰ পৰা অনা ঔষধ বা পিঞ্জৰা ব্যৱহাৰ কৰে যদিও সেইবোৰ একো কামত নিদিয়ে।  কিন্তু কিছুমান এনে ঘৰুৱা প্ৰতিকাৰ আছে, যাৰ জৰিয়তে আপুনি নিগনি খেদিব পাৰে। আজি সেই বিষয়ে কিছু কথা জানো আহক-

১. পিঁয়াজ এটুকুৰা কাটি ঘৰৰ প্ৰতিটো চুক-কোণত ৰাখিও আপুনি নিগনিৰ পৰা কিছু পৰিত্ৰান পাব পাৰে। কিন্তু, পিঁয়াজ সোনকালে শুকাই যায় সেয়েহে,  দিনটোত ২/৩ বাৰ নতুন পিয়াঁজ ব্যৱহাৰ কৰিব।

২. ঘৰৰ পৰা নিগনি আঁতৰ কৰাৰ আন এটা উপায় হৈছে তেজপাতৰ ব্যৱহাৰ। ঘৰৰ চুক-কোণবোৰত তেজপাত ৰাখিলে ইয়াৰ গোন্ধ পাই আপোনাৰ ঘৰৰ পৰা নিগনি আঁতৰি যাবলৈ বাধ্য হ'ব।
৩. নিগনি খেদিবলৈ আপুনি ঘৰত ফিটকিৰিও ব্যৱহাৰ কৰিব পাৰে। ফিটকিৰি পানীত তিয়াই থৈ সেই পানী ঘৰত স্প্ৰে কৰিলে নিগনি পলাই পত্ৰং দিব আপোনাৰ ঘৰৰ পৰা ।
৪. পুদিনা নিগনিৰ প্ৰধান শত্ৰু। সেয়েহে নিগনি খেদিবলৈ আপুনি পদিনা পাত ব্যৱহাৰ কৰিব পাৰে। আপুনি পুদিনাৰ পাত অলপ সৰহকৈ লৈ ঘৰৰ বিভিন্ন অংশত সিঁচৰিত কৰি থ’ব এনে কৰিলেও নিগনি আপোনাৰ ঘৰলৈ পুনৰ আহিবলৈ সাহস নকৰিব।
৫. নিগনি খেদাত ছাধায়ো এক গুৰুতৰ ভূমিকা পালন কৰে। ইয়াৰ বাবে এটা বাটিত  ছাধা, ২ চাহ চামুচ ঘিউ আৰু তিনি চামুহ ময়দা ভালদৰে মিহলি কৰি সৰু সৰু লাডু বনাই ল’ব। এই লাডুবোৰ ঘৰৰ প্ৰতিটো চুকে-কোনে সিচঁৰিত কৰি থওঁক। ছাধা দিয়া এই লাডু খোৱাৰ পাছত আপোনাৰ ঘৰত নিগনিৰ সংখ্যা একেবাৰে নাইকিয়া হৈ যাব।
 

Share This