আজিৰ দিনটো কেনেদৰে যাব? চাওঁ আহক ৰাশিফল

Jyoti Borah August 25, 2023

২৫ আগষ্ট ২০২৩, শুকুৰবাৰ

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। আজিৰ দিনটোত বন্ধু বাঢ়িব৷ সজাগ নহলে সামান্য মনৰ উদ্বিগ্নতাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক-জাতিকাসকলে আজিৰ দিনটোত সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যৱসায়িক দিশত ক্ষতি হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত সন্মান বাঢ়িব৷ যদিও সজাগ নহ'লে সামান্য বুদ্ধি ভ্ৰষ্ট হ'ব পাৰে লগতে মনৰ উৎসাহ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে মিলন। শৰীৰত এলাহ ভাৱ বাঢ়িব। লগতে স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়। শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। সংসাৰত হতাশা। শৰীৰ ভালে থাকিব।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়। কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ধন সঞ্চয় হ'ব৷ মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বিচ্ছেদৰ যোগ। 

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, মনত সামান্য হতাশা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশত শুভ হ'ব। মানসিক শান্তি বাঢ়িব।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি বাঢ়িব, অৰ্থৰ আগমন ঘটিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব । শুভ কাম লাভ কৰিব৷ উত্তম ভোজন লাভ কৰিব। প্ৰেমত হতাশা। শৰীৰ ভালে থাকিব।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। আয় বাঢ়িব৷  মিচা অপবাদ দূৰ হ'ব। প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ চিন্তা।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। ভ্ৰমণৰ সুযোগ লাভ কৰিব৷ কৰ্মত শুভ। মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়৷

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি যাত্ৰা বা ভ্ৰমণ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। বন্ধুৰ সৈতে সংঘাত। পতি-পত্নীৰ সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। শৰীৰ অসুস্থ।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত কৰ্মক্ষত্ৰত উন্নতি হ'ব৷ কৰ্মব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়। ভ্ৰমণত শুভ।

Share This