কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ

Kakali Deka September 10, 2025

ডিজিটেল ডেস্কঃ  কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ। মঙলবাৰে কোকৰাঝাৰত এক সংবাদমেল সম্বোধন কৰি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক গৰিহণা দিয়ে ৷

লগতে মঙলবাৰে নিশা ইউ পি পি এলৰ গুণ্ডা বাহিনীয়ে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী সমষ্টিত বি পি এফ কৰ্মীক মাৰধৰ, গাড়ী ভাঙচুৰ আৰু চিৰাং জিলাৰ চিৰাংদুৱাৰ সমষ্টিত বি পি এফ কৰ্মীক ইউ পি পি এলৰ কৰ্মীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

প্ৰশাসনে দায়িত্ব লৈ কাম কৰক । যিসকল ঘটনাৰ সৈতে জড়িত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

ঘটনাৰে জড়িতসকলক চিনাক্ত কৰা হৈছে আৰু প্ৰশাসনক অৱগত কৰা হৈছে , তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত । দ্বিতীয়বাৰৰ বাবে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।

তেওঁ লগতে কয় যে  ''প্ৰমোদ বড়োৱে নিজ কৰ্মীক নিয়ন্ত্ৰণ কৰক । বি পি এফৰ কৰ্মী নিয়ন্ত্ৰণত আছে ৷ আমি বি পি এফ দলে আমাৰ কৰ্মীক আৱেগিক হৈ কাম কৰিবলৈ দিয়া নাই । সকলোৱে যাতে শান্তিপূৰ্ণ ভাৱে ভোটদান কৰিব পাৰে সেই পৰিৱেশ বি পি এফে বিচাৰে।''

বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী ধনেশ্বৰ গয়াৰীয়েও মঙলবাৰে নিশা বাওখুংগ্ৰী সমষ্টিত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Share This