ডিজিটেল ডেস্ক : সোণাপুৰৰ কচুতলীত উচ্ছেদ অভিযান চলোৱা আৰক্ষী আৰু প্রশাসনিক বিষয়াৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে ৰাজ্যিক মানৱাধিকাৰ আয়োগ। কচুতলীত উচ্ছেদ চলাই এতিয়া মানৱাধিকাৰ আয়োগৰ ৰোষত পৰিছে ২৮জনকৈ আৰক্ষী- বিষয়া-কনিষ্টবলৰ বহুকেইজন প্রশাসনিক বিষয়া। ২০২৪ চনত কচুতলীত উচ্ছেদ চলাবলৈ যাওঁতে দুজনকৈ যুৱকৰ মৃত্যু হোৱা ঘটনাৰ বাবে তদানীন্তন ডি চি পি মৃণাল ডেকা, সোণাপুৰৰ অ' চি হীৰকজ্যোতি শইকীয়া, ক্ষেত্ৰীৰ অ' চি মনজিত বুঢ়াগোহাঁইকে ধৰি ২৮জন আৰক্ষীলৈ মানৱাধিকাৰ আয়োগে জাননী জাৰি কৰি সমস্ত ঘটনাৰ লিখিত প্ৰত্যুত্তৰ দিবলৈ নির্দেশ দিছে।
উল্লেখযোগ্য যে দশম আৰক্ষী বেটেলিয়নৰ বাবে কচুতলীত থকা চৰকাৰী ভূমি একাংশ মিঞাই বেদখল কৰি বহি আছিল। এইবোৰ বেদখলকাৰীক ভূমি খালী কৰিবলৈ প্রশাসনে জাননী জাৰি কৰাৰ পাছতো বহু বেদখলকাৰীয়ে প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি ভূমি খালী কৰা নাছিল। প্ৰশাসনৰ জাননীৰ পাছতো বেদখলকাৰী বহি থকা অবৈধ বেদখলকাৰীক উচ্ছেদ চলাবলৈ যাওঁতেই বেদখলকাৰীয়ে প্ৰশাসনৰ দলটোক ভয়ংকৰ আক্ৰমণ কৰিছিল। পৰিস্থিতি সেইদিনা ইমানেই ভয়ানক হৈ উঠিছিল যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তদানীন্তন ডি চি পি মৃণাল ডেকাৰ নেতৃত্বত যোৱা সোণাপুৰ থানা আৰু ক্ষেত্ৰী থানাৰ আৰক্ষীৰ বিশাল দলটোৱে কচুতলীত গুলীচালনা কৰিব লগা হয়।
আৰক্ষীৰ গুলীচালনাত প্ৰশাসনৰ দলটোক আক্ৰমণ কৰিবলৈ অহা বেদখলকাৰী দলৰ অন্যতম হাইদৰ আলী আৰু জোৱাহিদ আলী নামৰ দুজন যুৱকৰ মৃত্যু হয়। এই ঘটনাৰ পাছতে ৰাজ্যিক মানৱাধিকাৰ আয়োগে ৩০৮/২০২৪-৯/৩৬৭ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এই তদন্তৰে অংশ হিচাপে আয়োগে ২৮জন আৰক্ষীৰ লগতে কেইবাজনো বিষয়ালৈ এতিয়া জাননী জাৰি কৰাত বিষয়াসকলৰ মাজত হাহাকাৰ লাগি পৰিছে।