ডিজিটেল ডেস্ক : পশ্চিম বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে কাৰ্যপন্থা বৃদ্ধি কৰাৰ সময়তে ভাৰত-বাংলাদেশ সীমান্তবর্তী এলেকা হাকিমপুৰত শতাধিক বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে সোমবাৰৰ পৰা সমৱেত হ'বলৈ ধৰিছে। পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ হাকিমপুৰ সীমান্তত বাংলাদেশলৈ ঘুৰি যোৱাৰ পৰিকল্পনা কৰিছে এই অনুপ্ৰৱেশকাৰীবোৰে।
উল্লেখযোগ্য যে ৰাজ্যখনত এছ আই আৰ চলি থকাৰ সময়ত অনুৰূপ দৃশ্য দেখা গৈছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অনুপ্ৰৱেশকাৰীক 'চিনাক্ত, নাম কৰ্তন আৰু বিতাৰণ' নীতিৰ অধীনত কাৰ্যপন্থা লোৱাৰ পাছতে ৰাজ্যখনত অবৈধ বাংলাদেশীৰ মাজত হাহাকাৰ লাগিছে। হাকিমপুৰত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সাংবাদিকে প্রশ্ন সোধাত এজন বাংলাদেশীয়ে কয় যে তেওঁলোকে এবছৰ-দুবছৰ পূৰ্বে পশ্চিম বংগলৈ আহিছিল আৰু দমদমত হাজিৰা কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল। আনহাতে, এগৰাকী মহিলা বাংলাদেশীয়ে কয় যে তেওঁ মাত্র ছমাহ পূর্বে ভাৰতলৈ আহিছিল আৰু মানুহৰ ঘৰত বনকৰা হিচাপে নিয়োজিত আছিল। তেওঁলোকে কয় যে যদি বংগ চৰকাৰে তেওঁলোকক নাৰাখে, তেনেহ'লে তেওঁলোক পুনৰ বাংলাদেশলৈ ঘূৰি যাব।
আনহাতে, মঙলবাৰে বংগৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ অনুপ্ৰৱেশকাৰীলৈ কঠোৰ সতর্কবাণী দি কয় যে ৰাজ্য চৰকাৰে ব্যৱস্থা লোৱাৰ আগতেই তেওঁলোক বাংলাদেশলৈ ঘুৰি যাব লাগে। আনহাতে, অবৈধ বিদেশীক চিনাক্ত কৰি বিতাৰন প্ৰক্ৰিয়াৰ বাবে ৰাখিবলৈ পশ্চিমবংগ চৰকাৰে নিৰ্মাণ কৰিবলগীয়া প্ৰথমটো 'হল্ডিং চেণ্টাৰ'ত নটা বাংলাদেশীক কালি ৰখা হয়। উত্তৰ বংগৰ মালদহত পূর্বতে এটা প্রশিক্ষণ কার্যালয় থকা ভৱনতে সাময়িকভাবে এটা 'হল্ডিং চেণ্টাৰ' নিৰ্মাণ কৰি তিনিজনী মহিলা আৰু ছটা নাবালকসহ নগৰাকী অবৈধ বাংলাদেশীক আটক কৰি ৰখা হৈছে।