ডিজিটেল ডেস্ক : ভাৰতৰ শুভমন গীল আৰু শ্বেফালী বাৰ্মা আই চি চিৰ ছেপ্টেম্বৰ মাহৰ ক্ৰমে পুৰুষ আৰু মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ঘোষিত হৈছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ সুবাদতে ভাৰতীয় অধিনায়ক গীলে অভিলেখসংখ্যক পঞ্চমবাৰলৈ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। আনহাতে, এছিয়া কাপ আৰু এছিয়ান গেমছত আগবঢ়োৱা দুৰন্ত প্ৰদৰ্শনৰ বাবে আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান পায় ভাৰতীয় অ'পেনাৰ শ্বেফালীয়ে।
ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক গীলে তেনেদৰেই পাঁচবাৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰি ৱেষ্ট ইণ্ডিজৰ অধিনায়ক হেলী মেথিউজৰ ৰেকৰ্ড স্পৰ্শ কৰে। ২৭ বছৰীয়া গীলে ইয়াৰ আগেয়ে ২০২৩ চনত জানুৱাৰী আৰু ছেপ্টেম্বৰ আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী আৰু জুলাই মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা অৰ্জন কৰিছিল।
ইফালে, নবী মুম্বাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত ফাইনেলত মেচজয়ী ইনিংছ খেলা শ্বেফালীয়ে যোৱা বছৰৰ নৱেম্বৰ মাহৰ শ্ৰেষ্ঠ খেলুৰৈ বঁটা অৰ্জন কৰিছিল। আক্ৰমণাত্মক অ'পেনাৰ শ্বেফালীয়ে মহিলাৰ এছিয়া কাপত ভাৰতৰ হৈ সৰ্বাধিক ৰান কৰিছিল। লগতে তেওঁ এছিয়ান গেমছতো দুৰন্ত প্ৰদৰ্শন আগবঢ়াইছিল।