ডিজিটেল ডেস্ক : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যত ছিণ্ডিকেটৰাজ নাইকিয়া কৰাৰ দাবী কৰিলেও প্রকৃততে এতিয়াও নির্মূল হোৱা নাই ছিণ্ডিকেটৰাজ। ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া কয়লা, কাঠ, বার্মিজ চুপাৰি আদিৰ অবৈধ ছিণ্ডিকেট চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আজিও অব্যাহত আছে। নগালেণ্ডত খনন কৰা কয়লাৰ বিজেপি দলৰ একাংশ নেতা-কর্মীৰ নেতৃত্বতে এনে ছিণ্ডিকেট অব্যাহত থকাৰ অভিযোগ উঠিছে।
শেহতীয়াকৈ শিৱসাগৰ জিলাৰ অসম-নগালেণ্ডত খনন কৰা বৃহৎসংখ্যক কয়লা ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি হালোৱাটিং আমগুৰি হৈ অসম আৰু অসমৰ বাহিৰৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হয়। চুবুৰীয়া নগালেণ্ডৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হোৱা এই কয়লাৰ গাড়ী এক বৃহৎ ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, চৰকাৰৰ বিধায়ক আৰু মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট প্রভাৱশালী এটা চক্ৰই দীর্ঘদিন ধৰি কয়লাৰ এই ছিণ্ডিকেট চলাই আহিছে। এই ছিণ্ডিকেট চক্রটো সময়ে সময়ে সলনি হৈ থাকে। বর্তমান এই চক্ৰটোৰ নেতৃত্বত আছে যোৰহাট জিলাৰ টীয়কৰ জনৈক বিক্রম।
অঞ্চলটোৰ জনৈক প্রাঞ্জলৰ সহযোগত বিক্রমে চলাই থকা এই ছিণ্ডিকেটে অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিং অঞ্চলেৰে অসমত প্ৰৱেশ কৰা প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা সংগ্ৰহ কৰে মোটা অংকৰ ধন। নগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰা কয়লাভর্তি প্রতিখন ট্ৰাকৰ পৰা এই ছিণ্ডিকেট চক্রই সংগ্রহ কৰে ১৪ ৰ পৰা ১৮ হাজাৰ টকা। আনহাতে, মাৰ্ঘেৰিটাৰ পৰা ট্রাকযোগে ৰে'লৱে ৰেকলৈ অনা প্রতিট্ৰাকৰ পৰা সংগ্ৰহ কৰে ৬০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকা। ইয়াৰ বিপৰীতে বাহিৰলৈ পঠোৱা প্ৰতিটো ৰে'লৰ ৰেকত এই ছিণ্ডিকেট চক্ৰৰ দাবী ২৯ৰ পৰা ৩০ লাখ পর্যন্ত টকা। ছিণ্ডিকেট চক্রক ধন দিয়াৰ লগে লগে আৰক্ষী, পৰিবহণ সকলোকে মেনেজ কৰা দায়িত্ব গ্ৰহণ কৰে। ছিণ্ডিকেটক ধন দিয়া গাড়ী কোনেও তালাচী নকৰে। নির্বিঘ্নে পাৰ হৈ যাব পাৰে। শেহতীয়াকৈ জানিব পৰা মতে, কোঁৱৰ উপাধিৰ এজনৰ হাতত পৰিছে এই ছিণ্ডিকেটৰ দায়িত্ব।
ছিণ্ডিকেটৰ এই ধন আমগুৰিৰ পৰা দিছপুৰলৈকে চুক্তি অনুসৰি গৈ থাকে। চুক্তিৰ ধন অলপ হীন-ডেঢ়ি হ'লেই ছিণ্ডিকেটৰ নায়ক সলনি হয়। দীর্ঘদিন ধৰি এই ছিণ্ডিকেট চক্ৰটোৱে এনেদৰে প্রতিদিনেই বৃহৎ অংকৰ ধন সংগ্ৰহ কৰি আহিছে। অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত ৰাতি হোৱাৰ লগে লগে প্রতিখন গাড়ীৰ পৰা সংগ্ৰহ কৰা হয় প্রাপ্য ধন। আনহাতে, ছিণ্ডিকেট চক্ৰটোৱে সংগ্ৰহ কৰা ধনৰ ভাগ শীর্ষ মন্ত্রী, নেতা-বিধায়কেও লাভ কৰা বুলি প্রকাশ।