ডিজিটেল ডেস্ক : সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানৰ অৰ্থনীতি ভাঙি পৰাৰ উপক্ৰম হৈছে। ঋণৰ বোজাত কোঙা হৈ পৰা দেশখনক শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ (আই এম এফ) ফালৰ পৰাও সতৰ্ক কৰি দিয়া হৈছে। দেশখনৰ শক্তি খণ্ডৰ ঋণ আই এম এফে ধাৰ্য কৰি দিয়া পৰিমাণতকৈ বহু বৃদ্ধি পাইছে। যিয়েই আই এম এফৰ লক্ষ্যক উলংঘা কৰিছে।
তথ্য অনুসৰি চলিত বৰ্ষৰ জুনপর্যন্ত পাকিস্তানৰ শক্তি খণ্ডৰ ঋণ ১,৬৭৫ বিলিয়ন পাকিস্তানী টকালৈ (ভাৰতীয় হিচাপত ৫৮,১০৫.৭৫ কোটি টকা) বৃদ্ধি পালে। যিটোৱে আই এম এফৰ পূৰ্বে নিৰ্ধাৰিত লক্ষ্য ভংগ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সংস্থাটোৱে আশংকা প্রকাশ কৰিছে যে পাকিস্তানৰ কাৰেণ্ট একাউণ্টৰ ঘাটি ৪ বিলিয়ন মার্কিন ডলাৰ (৪০০ কোটি ডলাৰ) পর্যন্ত হ'ব পাৰে। পশ্চিম এছিয়াৰ অশান্ত পৰিস্থিতি আৰু তেলৰ দাম বৃদ্ধিয়ে দেশখনক অধিক সংকটৰ মুখলৈ ঠেলি দিছে।
চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম দুটা মাহতে পাকিস্তান ৫৪৩ নিযুত বিলিয়ন মার্কিন ডলাৰৰ বিত্তীয় ঘাটিৰ সন্মুখীন হৈছে। অৱশ্যে এই ঘাটিৰ পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতকৈ যথেষ্ট কম। কিন্তু শেহতীয়া যুদ্ধ পৰিস্থিতিয়ে দেশখনক অধিক জটিলতালৈ ঠেলি দিছে।