গ্ৰেপ্তাৰ কৰাৰ আগতে লিখিতভাৱে কাৰণ জনাব লাগিব অভিযুক্তক, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

dainik janambhumi November 08, 2025

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে কালি কয় যে কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ আগতে, তেওঁক কিয় কৰায়ত্ত কৰা হৈছে সেই কথা আৰক্ষীয়ে লিখিতভাৱে জনাব লাগিব। তেওঁৰ গ্ৰেপ্তাৰ কৰাৰ কাৰণ ব্যক্তিজনে বুজি পোৱা ভাষাত জনাব লাগিব। আদালতে কয় যে অপৰাধ বা আইনী যি কাৰণতেই নহওক এই নিয়ম পালন কৰিবই লাগিব। আদালতে কয় যে গ্ৰেপ্তাৰ কৰাৰ আগতে বা গ্ৰেপ্তাৰ কৰাৰ লগে লগে লিখিতভাৱে কাৰণ নজনালে কেৱল এই কাৰণতে গ্ৰেপ্তাৰ বাতিল নহয়। কিন্তু গ্ৰেপ্তাৰ কৰা ব্যক্তিক উপযুক্ত সময়ত এই বিষয়ে জনাবই লাগিব। 

উচ্চতম ন্যায়ালয়ে লগতে কয় যে গ্ৰেপ্তাৰ কৰা ব্যক্তিক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰ কমেও দুঘণ্টাৰ আগতে তেওঁক লিখিতভাৱে এই কথা জনাব লাগিব। যদিহে এই নিয়ম মানি চলা নহয়, তেতিয়া গ্ৰেপ্তাৰ বা তাৰ পাছত ব্যক্তিজনক জিম্মাত ৰখা উভয়কে অবৈধ বুলি গণ্য কৰা হ'ব আৰু তেনে অৱস্থাত ব্যক্তিজনক মুকলি কৰি দিয়া হ'ব পাৰে। 

উচ্চতম ন্যায়ালয়ে দিয়া এই ৰায়ৰ প্ৰতিলিপি সকলো উচ্চ ন্যায়ালয়, সকলো ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। যোৱা বছৰ জুলাইত মুম্বাইত বি এম ডব্লিউ গাড়ীয়ে মানুহ মহতিয়াই নিয়া আৰু তাৰ পৰা পলায়ন কৰাৰ সৈতে জড়িত এটা গোচৰৰ শুনানি লৈ এই ৰায় দিয়ে।

Share This