ছাত্ৰক চেৰাই শৈক্ষিক ক্ষেত্ৰত ছাত্ৰীৰ দপদপনি, বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ নামভর্তি-ফলাফলত উন্নত প্রদর্শন

dainik janambhumi May 02, 2026

ডিজিটেল ডেস্ক : শিক্ষা খণ্ডত থকা দীর্ঘদিনৰ লিংগ ব্যৱধান ভাৰতত ক্ৰমাৎ অৱসান হোৱাৰ পথত। শিক্ষাৰ বিভিন্ন স্তৰত এতিয়া ছাত্রীয়ে ছাত্রতকৈ অগ্রগতি লাভ কৰিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে (এন এছ অ') শেহতীয়াকৈ প্রকাশ কৰা পৰিসংখ্যা অনুসৰি, বিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষাৰ বিভিন্ন স্তৰত ছাত্রতকৈ ছাত্রীয়ে অধিক দক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে। এন এছ অ'ৰ 'ৱ'মেন এণ্ড মেন ইন ইণ্ডিয়া ২০২৫' শীর্ষক প্রতিবেদনখনত বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে নামভর্তিৰ ক্ষেত্ৰত ছাত্রীসকলৰ সংখ্যা অধিক দেখুওৱা হৈছে। নামভর্তি আৰু ফলাফল প্রদর্শনত ছাত্রী এতিয়া ছাত্রতকৈ আগবাঢ়ি আছে। প্রতিযোগিতাখনত ছাত্রীৰ মুঠ নামভৰ্তিৰ অনুপাত (জি ই আৰ) ছাত্ৰতকৈ বিদ্যালয় পর্যায়ত অধিক হৈছে। তদুপৰি, উচ্চ শিক্ষাৰ পাঠ্যক্রম উত্তীর্ণ হোৱাৰ ক্ষেত্ৰত ছাত্ৰীৰ হাৰ হৈছে ৫১.৪৮ শতাংশ। আনহাতে, সাক্ষৰতাৰ সামগ্রিক ব্যৱধান এতিয়াও একে আছে। ১৫-২৪ বছৰ বয়সৰ যুৱক-যুৱতীৰ মাজত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ ব্যৱধান ৩.৮ শতাংশ হৈয়ে আছে। আনহাতে, মহিলা সাক্ষৰতাৰ হাৰ ১৯৮১ চনত ৩০.৬ শতাংশ থকাৰ তুলনাত শেহতীয়া গণনাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৭০ শতাংশলৈ ঊর্ধ্বগামী হৈছে।

আনহাতে, বিদ্যালয়ৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ পৰ্যায়লৈকে ছাত্রীৰ নামভর্তিৰ সংখ্যা ছাত্রতকৈ অধিক হোৱাৰ সময়তে শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ফ্ৰেমৱৰ্কৰ অধীনত মৌলিক, প্ৰাৰম্ভিক, মজলীয়া আৰু মাধ্যমিক শিক্ষা স্তৰত শেহতীয়াকৈ ছাত্রীৰ অংশগ্রহণ বৃদ্ধি পাইছে। ঠিক সেইদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীৰ সংখ্যা ২৮.৫ শতাংশৰ পৰা ৩০.২ শতাংশলৈ বৃদ্ধি পাইছে যোৱা দুটা বছৰত। ছাত্রীয়ে কলা, বিজ্ঞান, সমাজ বিজ্ঞান, চিকিৎসা বিজ্ঞানত আগ্রহ দেখুওৱাৰ বিপৰীতে ছাত্রই অভিযান্ত্রিক, তথ্য-প্রযুক্তি আৰু মেনেজমেণ্ট পাঠ্যক্রমত নামভর্তিত অধিক আগ্রহী হৈছে।

তদুপৰি, ব'ৰ্ডৰ পৰীক্ষাবোৰত ছাত্রীয়ে ছাত্রতকৈ শেহতীয়া দিনবোৰত অধিক ভাল ফলাফল প্রদর্শন কৰিছে। উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত বিভিন্ন বিভাগবোৰত মুঠ নামভৰ্তিৰ আধা সংখ্যকেই বর্তমান ছাত্রী হৈছে। বিশেষকৈ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰীৰ নামভর্তি ৫৬.৪৫ শতাংশ আৰু এম ফিল পর্যায়ত ৭৬.১৪ শতাংশ হৈছে। এন এছ অ'ৰ শেহতীয়া প্রতিবেদনত বিদ্যালয় আৰু মহাবিদ্যালয় পর্যায়ত ছাত্রীৰ নামভৰ্তি লক্ষণীয়ভাৱে বৃদ্ধি পাইছে।

Share This