মার্কিন কংগ্রেছক দিয়া প্রতিবেদনত পেণ্টাগনৰ দাবী, অৰুণাচল, টাইৱানক সামৰি বৃহত্তৰ চীনৰ পৰিকল্পনা জিনপিঙৰ

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: অৰুণাচলকো সামৰি বৃহত্তৰ চীন গঢ়ি তোলাৰ সপোন দেখিছে ৰাষ্ট্ৰপতি ঝি জিনপিঙে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্র্যালয় পেণ্টাগনে মার্কিন কংগ্ৰেছত দাখিল কৰা এখন প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে। 

প্রতিবেদনখনৰ মতে, জিনপিঙে সপোন দেখা বৃহত্তৰ চীনত ভাৰতৰ অৰুণাচল প্ৰদেশৰ লগতে টাইৱানকো নিজৰ কৰি লোৱাৰ চক্রান্ত কৰিছে। পেণ্টাগনৰ প্ৰতিবেদনখনত কোৱা হৈছে যে চীনে অৰুণাচল, টাইৱানক সামৰি বৃহত্তৰ চীন গঠনৰ পৰিকল্পনা চূড়ান্ত আৰু এই বিষয়টোক লৈ আলোচনা কৰাৰ কোনো সম্ভাৱনা নাই। বৃহত্তৰ চীন গঠনৰ বাবে ২০৪৯ক সময়সীমা হিচাপে নির্বাচন কৰা হৈছে। পেণ্টাগনে প্রকাশ কৰা মতে, চীনে ২০৪৯ৰ ভিতৰত 'ৰাষ্ট্ৰীয় পুনৰুত্থান'ৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে নিজৰ সার্বভৌমত্ব আৰু আঞ্চলিক দাবীসমূহ যিকোনো মূল্যৰ বিনিময়ত আগবঢ়াই নিয়াৰ বাবে বদ্ধপৰিকৰ হৈ পৰিছে। 

জিনপিঙৰ বৃহত্তৰ চীনত অন্তর্ভুক্ত কৰিবলগীয়া অঞ্চলবোৰৰ তালিকা যথেষ্ট দীঘল। ইয়াত কেৱল অৰুণাচল প্রদেশ বা টাইৱানেই নহয়, দক্ষিণ চীন সাগৰ, জাপনৰ চেনকাকু দ্বীপো সোমাই আছে। চীনে এই সকলোবোৰ অঞ্চলত নিজৰ নিয়ন্ত্ৰণ স্থাপন নোহোৱালৈকে ২০৪৯ চনৰ ভিতৰত এখন শক্তিশালী তথা বৃহত্তৰ চীন গঠন কৰিব নোৱাৰে বুলি গণ্য কৰিছে। পেণ্টাগনৰ প্ৰতিবেদনখনত এই কথা উল্লেখ কৰি কোৱা হৈছে যে দেশখনে এই চক্রান্ত সফল কৰি তোলাৰ বাবে অতি কঠোৰ দৃষ্টিভংগী গ্রহণ কৰিছে। সেই কাৰণেই চীনৰ ভাৰতৰ সৈতে বাৰে বাৰে সীমা বিবাদৰ সৃষ্টি হৈ আহিছে। অৰুণাচল প্রদেশক লৈ চীনৰ শেহতীয়া দাবী এই চক্রান্তৰে অংশ বুলি কোৱা হৈছে। প্রতিবেদনখনত এইবুলি কোৱা হৈছে যে যোৱা বছৰ অক্টোৱৰত ভাৰত আৰু চীনে সীমান্তত স্থিতাৱস্থা বাহল ৰখাৰ বাবে সন্মত হৈছিল আৰু সংঘাতৰ সৃষ্টি হোৱা স্থানসমূহৰ পৰা সৈন্য পিছুওৱাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ পাছত এছ চি অ' শীর্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জিনপিঙৰ সাক্ষাৎকাৰৰ পাছত উচ্চ পৰ্যায়ৰ মাহেকীয়া বৈঠক, পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা, ভিছা সুবিধা, শৈক্ষিক তথা সংবাদ মাধ্যমৰ মাজত পাৰস্পৰিক ভ্রমণ আৰম্ভ কৰাৰ দৰে বিষয়ক লৈ আলোচনা আৰম্ভ কৰা হৈছে। 

কিন্তু পেণ্টাগনৰ মতে, এই সকলোবোৰ কৰা হৈছে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অধিক গভীৰ হোৱাক বাধা দিয়া। কিন্তু ভাৰত সতর্ক হৈ থকা বুলি ইয়াত উল্লেখ কৰা হৈছে। ভাৰতৰ সামৰিক বিশেষজ্ঞসকলে এইবুলি শংকা প্রকাশ কৰিছে যে চীনে ২০৩০ চনৰ ভিতৰত অৰুণাচল প্রদেশত আক্রমণ কৰি ৰাজ্যখন দখলৰ চেষ্টা কৰিব। ইয়াৰ আগতে ২০২৭ চনত টাইৱানত আক্রমণ কৰি দেশখনক নিজৰ লগত চামিল কৰিব। প্রতিবেদনখনত আন এক ভয়াৱহ তথ্যও উল্লেখ কৰা হৈছে। ইয়াত উল্লেখ কৰা মতে, চীনে ভাৰতৰ চাৰিখন চুবুৰীয়া দেশত নিজৰ সামৰিক ঘাটি স্থাপন কৰাৰ পদক্ষেপ আৰম্ভ কৰিছে। 

পাকিস্তানৰ গোৱাদৰত নৌসেনা ঘাটি স্থাপনৰ পাছত বাংলাদেশত এটা সামৰিক ঘাটি নিৰ্মাণৰ কথা বিবেচনা কৰি আছে। ইয়াৰ উপৰি শ্ৰীলংকা আৰু ম্যানমাৰতো সামৰিক ঘাটি স্থাপন কৰিব চীনে। পেণ্টাগনে প্রতিবেদনখনত উল্লেখ কৰা মতে, চীনৰ পি এল এই অতি সক্রিয়তাৰে অতিৰিক্ত সামৰিক সা-সুবিধা বৃদ্ধিৰ কৰাৰ কথা বিবেচনা কৰি আছে। কেৱল সিমানেই নহয়, চীনে কমেও ১২খন দেশত নিজৰ সামৰিক ঘাটি স্থাপন কৰিবলৈ বিচাৰিছে। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়া, তাজিকিস্তান আৰু সংযুক্ত আৰব এমিৰেটছৰ দৰে দেশো আছে। বাংলাদেশে চীনৰ পৰা জে-১০ যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ বিচাৰিছে। এই যুঁজাৰু বিমানখনক পাকিস্তানে ভাৰতৰ ৰাফেলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। বাংলাদেশ চীনৰ সামৰিক বাহন আৰু ভি টি-৫ লঘু টেংক ক্ৰয় কৰিব। ভাৰতৰ সৈতে উত্তেজনা চলি থকাৰ সময়ত চীনে পাকিস্তানৰ সৈতে নিজৰ সামৰিক সম্পৰ্ক অধিক শক্তিশালী কৰি আছে।

Share This