২০৪৭ত ভাৰত 'বিশ্বৰ নেতা' হোৱাৰ লক্ষ্য, ভৱিষ্যমুখী বাজেট

dainik janambhumi February 02, 2026

ডিজিটেল ডেস্ক: সংসদত বিত্ত মন্ত্রী নির্মলা সীতৰমণে মোদী মন্ত্রীসভাৰ তৃতীয় কার্যকালৰ প্ৰথমখন পূর্ণাংগ আৰু সামগ্রিকভাৱে তেওঁ অভিলেখসংখ্যক নৱমবাৰৰ বাবে বাজেট দাঙি ধৰে। তেওঁ কালি ভৱিষ্যতৰ বিকশিত ভাৰত আৰু স্ব-নির্ভৰশীল ভাৰতৰ লক্ষ্যৰে এই বাজেটত এলানি ঘোষণা কৰে। 

বাজেটৰ প্রধান লক্ষ্য হ'ল ২০৪৭ চনৰ ভিতৰত দেশক বিকশিত ভাৰত কৰাৰ লক্ষ্য। ইয়াৰ বাবে বিভিন্ন খণ্ডত প্রয়োজন হোৱা পেছাদাৰী লোক সৃষ্টিত সর্বাধিক গুৰুত্ব আৰোপ কৰা। বিত্ত মন্ত্ৰীৰ বাজেটত অন্তৰেৰে স্থানীয় সামগ্রীৰে ভাৰতক আত্মনির্ভৰ কৰি তুলি বিশ্বক নেতৃত্ব দিব
পৰাকৈ গঢ়ি তোলাৰ সংকল্প লোৱা দেখা পোৱা গৈছে। তেওঁ কৃষক, যুৱ প্রজন্ম, দৰিদ্র আৰু মহিলাসকলৰ স্থানীয় সপোনক শক্তিশালী কৰি উৎপাদন, ৰপ্তানি তথা উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতক বিশ্ব নেতা কৰি তোলাৰ ভেটি স্থাপন কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণৰ কথা বাজেটত উল্লেখ কৰে। এইবাৰৰ বাজেটত স্থানীয় (ল'কেল) পর্যায়ৰ পৰা বিশ্ব পর্যায়ত দেশৰ চমক বৃদ্ধি কৰাৰ বিশেষ মনোযোগ দিয়ে। 

সীতাৰমণে কালি দাখিল কৰা বাজেটত এনেকুৱা ভালেমান উপহাৰ দিয়ে যাৰ জৰিয়তে দেশ উপকৃত হোৱাই নহয়, ইয়াৰ জৰিয়তে বিশ্ব পর্যায়তো ভাৰতে আধিপত্য বিস্তাৰ কৰিব পাৰিব। তেওঁ বাজেট ভাষণত দেশৰ অর্থ ব্যৱস্থাক লৈ এক গুৰুত্বপূর্ণ মন্তব্য দিয়ে। সীতাৰমণে কয়, 'আমি অচিৰেই বিশ্বৰ সর্ববৃহৎ অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছোঁ।' ইয়াৰ লগতে বিত্ত মন্ত্রীয়ে কয়, 'আমাৰ চৰকাৰে ভাৰতত ২৫ কোটি লোকক দৰিদ্রতাৰ পৰা মুক্ত কৰিছে আৰু তেওঁলোকে ভাল পৰিৱেশ লাভ কৰিছে। চৰকাৰৰ মতে আমি ২০৪৭ চনৰ ভিতৰত বিশ্বক নেতৃত্ব দিব পাৰিম।' 

বিত্ত মন্ত্রীয়ে বাজেট ভাষণ আৰম্ভ কৰি কয়, 'আমি দুখীয়া আৰু কৃষকৰ সমৃদ্ধিত গুৰুত্ব দিছোঁ আৰু ইয়াৰ লগতে নতুন চাকৰিৰ সৃষ্টিৰ দিশত কাম কৰি থকাৰ লগতে এনেকুৱা কিছুমান সিদ্ধান্ত লৈছোঁ যি দেশৰ উন্নয়নত সহায় কৰিব। আমি ঘৰুৱা ৰপ্তানি বৃদ্ধিৰ বাবে কাম কৰিছোঁ আৰু বিশ্বৰ বজাৰত আমাৰ সামগ্রী বৃদ্ধি কৰিছোঁ। তেওঁ কয়, 'ই যুৱ শক্তিৰ বাজেট, য'ত কৃষক, দৰিদ্ৰ আৰু সাধাৰণ নাগৰিকৰ প্রতি বিশেষ মনোযোগ দিয়া হৈছে। চৰকাৰে ৰাজহ ঘাটি হ্রাস কৰাত গুৰুত্ব দিছে।' তেওঁ কয়, 'আমাৰ লক্ষ্য উৎপাদন বৃদ্ধি, বিশ্বত সৃষ্টি হোৱা অনিশ্চয়তাৰ মোকাবিলা কৰা, সকলোকে লগত লৈ সকলোৰে বিকাশৰ কার্য কৰা, আন্তঃগাঁথনি শক্তিশালী কৰা আৰু এক শক্তিশালী বিনিয়োগৰ ব্যৱস্থা কৰা সংস্থাপন সৃষ্টি আৰু বাণিজ্যৰ সংস্কাৰত গুৰুত্ব দিয়াৰ লগতে ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰা।' 

বিত্ত মন্ত্রীয়ে কয় যে তিনিটা কর্তব্যক কেন্দ্র কৰি অর্থনীতিৰ উন্নয়ন সাধন কৰা হ'ব। চৰকাৰৰ ভৱিষ্যতৰ লক্ষ্যক দাঙি ধৰি তেওঁ তিনিটা কর্তব্যৰ তিনিসূত্রীয়া গাঁথনিৰ বিষয়ে ঘোষণা কৰে। এইবাৰৰ বাজেট কর্তব্য ভৱনত প্রস্তুত কৰা প্ৰথমখন বাজেট বুলি উল্লেখ কৰি সীতাৰমণে কয় যে বিশ্বত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে চৰকাৰে ভাৰতৰ অর্থনৈতিক আৰু সামাজিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে তিনিটা কর্তব্যৰ পৰা প্ৰেৰণা লয়। সীতাৰমণে বাজেট ভাষণত কয়, 'কেন্দ্রীয় চৰকাৰে দৰিদ্র, বঞ্চিত আৰু পিছপৰা শ্রেণীৰ প্রতি বিশেষ গুৰুত্ব দিয়াৰ সংকল্প লৈছে। 

আমাৰ প্রথম কর্তব্য হ'ল উৎপাদনশীলতা আৰু প্রতিযোগিতাসুলভ বৃদ্ধি কৰা, বিশ্বৰ অস্থিৰ ডাইনামিক্সৰ প্রতি নৰম দৃষ্টিভংগী গ্রহণ কৰি আর্থিক বিকাশ ক্ষিপ্ৰ কৰি ৰখা, আমাৰ দ্বিতীয় কর্তব্য হ'ল জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰা আৰু তেওঁলোকৰ ক্ষমতাৰ পুনৰ নিৰ্মাণ কৰা, যাৰ জৰিয়তে ভাৰতৰ সমৃদ্ধিৰ পথত তেওঁলোক শক্তিশালী অংশীদাৰ হৈ পৰে। আমাৰ তৃতীয় কর্তব্য সকলোকে লগত লৈ সকলোৰে বিকাশৰ সৈতে জড়িত। আমি প্রতিটো পৰিয়াল, সম্প্রদায়, অঞ্চল আৰু খণ্ডই সম্পদৰ সুযোগ লাভ কৰাটো সুনিশ্চিত কৰাটো।' সীতাৰমণে কয় যে দ্বিতীয়টো কর্তব্য জনকেন্দ্রিক বিকাশক গুৰুত্ব দিয়াটো। সীতাৰমণে সঞ্চয় সংগ্রহ, পুঁজিৰ সুপৰিকল্পিতভাৱে আবণ্টিত কৰা, শংকাৰ ব্যৱস্থাপনা কৰাৰ বাবে এক শক্তিশালী তথা নৰম বিত্তীয় মণ্ডলত বিত্তীয় মণ্ডলত গুৰুত্ব আৰোপ কৰে। তেওঁ প্রযুক্তি ভিত্তিক শাসনত গুৰুত্ব আৰোগ কৰে আৰু কয় যে কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰসহ অত্যাধুনিক প্রযুক্তিয়ে উন্নত শাসন আৰু সেৱাৰ বিতৰণত উন্নতমানৰ কাৰক ৰূপে কাম কৰিব পাৰে। 

বিত্ত মন্ত্রীয়ে সংস্কাৰ এক্সপ্রেছৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰে সংস্থাপন সৃষ্টি কৰাৰ কাৰণে উৎপাদন বৃদ্ধি আৰু বিকাশ ক্ষিপ্ৰ কৰি তোলাৰ বাবে ব্যাপক সংস্কাৰ সাধন কৰিছে। প্রধানমন্ত্রীয়ে স্বাধীনতা দিৱসত দিয়া ভাষণৰ পাছত ৩৫০টাতকৈ অধিক সংস্কাৰ কৰা হয় বুলি তেওঁ উল্লেখ কৰে। আনহাতে, দেশত সংস্কাৰ এক্সপ্রেছে নিজৰ গতি অব্যাহত ৰাখিব। বিত্ত মন্ত্রীয়ে বাজেট ভাষণত কয় যে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন-১এ দেশত এই উদ্যোগৰ ভেটি স্থাপন কৰে আৰু এতিয়া দ্বিতীয় পর্যায়ত সঁজুলি নির্মাণ, কেঁচামাল উৎপাদন আৰু ডিজাইন ক্ষমতা শক্তিশালী কৰিব। 

ইফালে অহা বিত্তীয় বর্ষত দেশৰ ৰাজহ ঘাটি মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) ৪.৩% হ'ব বুলি অনুমান কৰা হৈছে। অহা বিত্তীয় বৰ্ষত ঋণ আৰু জি ডি পিৰ অনুপাত ৫৬.৬% উন্নত হ'ব বুলি আশা কৰা হৈছে। অহা বিত্তীয় বর্ষত ৰাজহ ঘাটি ৪.৪% হ'ব বুলি কোৱা হৈছে।

আনহাতে, বজাৰৰ পৰা ১৭.২ লাখ কোটি টকা ঋণ লোৱা হ'ব বুলি কোৱা হয়। চলিত বিত্তীয় বর্ষৰ তুলনাত ঋণৰ পৰিমাণ অধিক। ইয়াৰ প্ৰধান কাৰণ হ'ল পুৰণি ঋণ পৰিশোধত হোৱা অধিক ব্যয় আৰু ইয়াৰ পৰিমাণ হ'ল ৫ লাখ কোটি টকা। আন কথাত বজাৰৰ পৰা লোৱা প্রকৃত ঋণৰ পৰিমাণ হ'ব ১১.৭ লাখ কোটি টকা। অহা বিত্তীয় বর্ষত ৰাজহ প্রাপ্তি ২৮.৭৫ লাখ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অহা বিত্তীয় বৰ্ষত চৰকাৰৰ মুঠ ব্যয় ৫৩.৫ লাখ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। চৰকাৰৰ ঋণমুক্ত আয় হ'ব ২৮.৭ লাখ কোটি টকা। বিকাশৰ বাবে আন্তঃগাঁথনি খণ্ডত মূলধনী ব্যয় বৃদ্ধি কৰি ১২.২ লাখ কোটি টকা। 

উল্লেখযোগ্য যে চৰকাৰে কেঞ্চাৰ আৰু দুর্লভ ৰোগৰ চিকিৎসা ব্যৱহাৰ কৰা ঔষধৰ সীমা শুল্ক হ্রাস কৰে। ইফালে মৎস্য পালনত উৎসাহ যোগাই চৰকাৰে বিশেষ অর্থনৈতিক মণ্ডলত ধৰা মাছত আৰোপ কৰা শুল্ক কর্তন কৰে। মৎস্য পালনত সুবিধা হোৱাকৈ দেশৰ ৫০০ জলাশয় আৰু অমৃত সৰোবৰৰ বিকাশ সাধন কৰা হ'ব।

Share This