এছিয়া কাপত ভাৰত চেম্পিয়ন, ফাইনেলত পাকিস্তান ৫ উইকেটত পৰাজিত

dainik janambhumi September 29, 2025

ডিজিটেল ডেস্ক : ভাৰতে টি-২০ সংস্কৰণৰ এছিয়া কাপত দ্বিতীয়বাৰলৈ খিতাপ দখল কৰে। চলিত এছিয়া কাপৰ দেওবাৰৰ ফাইনেলত পুৰাতন প্রতিদ্বন্দ্বী পাকিস্তানক ৫ উইকেটত হৰুৱাই শ্রেষ্ঠত্ব অর্জন কৰে ভাৰতে। তিলক বাৰ্মাৰ (৬৯) দুৰন্ত তথা অবিজিত অর্ধ-শতৰানৰ সহায়ত ভাৰতে ১৪৭ ৰানৰ লক্ষ্য অতিক্ৰম কৰে। দুটা বল বাকী থকা অৱস্থাত ভাৰতে ৫টা উইকেট হেৰুৱাই ১৫০ ৰান কৰি খিতাপ তুলি ধৰে। এটা সময়ত ভাৰতে ২০ ৰানতে অভিষেক শর্মা (৫), সূর্যকুমাৰ যাদৱ (১) আৰু শুভমন গীলৰ (১২) উইকেট হেৰুৱাইছিল। আনহাতে দলীয় স্ক'ৰ ৭৭ ৰানত আউট হৈছিল সঞ্জু ছেমচন (২৪)। 

ইয়াৰ পিছত ক্রিজত মিলিত হোৱা তিলক আৰু শিভম ডুবেই (৩৩) দৃঢ়তাপূর্ণ বেটিঙেৰে ভাৰতলৈ ৰোমাঞ্চকৰ জয় কঢ়িয়াই আনে। উভয়ে পঞ্চম উইকেটত গুৰুত্বপূৰ্ণ ৬০ ৰানৰ যুটি বান্ধে। আনহাতে ৰিংকু সিঙে ৪ কোবাই খেল সামৰে। ভাৰতে তেনেদৰেই প্রতিযোগিতাখনত পাকিস্তানৰ বিৰুদ্ধে তৃতীয় জয় সাব্যস্ত কৰে। ইয়াৰ আগেয়ে ভাৰতে নিয়ন্ত্রিত বলিঙৰ জৰিয়তে পাকিস্তানক ১৯.১ অ'ভাৰত ১৪৬ ৰানত সীমিত ৰাখে। অৱশ্যে, পাকিস্তানে ভাল আৰম্ভণিয়েই কৰিছিল। অ'পেনিঙৰ যুটিত ছাহিবজাদা আৰু জামানে (৪৬) ৮৪ ৰানৰ সংযোজন ঘটাই দলৰ বাবে বৃহৎ স্ক'ৰৰ ভেটি গড়ে। 

পিছে ভাৰতৰ স্পীন ত্রিমূর্তি কুলদীপ যাদৱ (৪-৩০), অক্ষৰ পেটেল (২-২৬) আৰু বৰুণ চক্রৱর্তীয়ে (২-৩০) পাকিস্তানৰ বেটিং লাইন-আপ তচ-নচ কৰে। বেগী বলাৰ যশপ্রীত বুমৰাহেও দুটা উইকেট দখল কৰি যোগ্য সহযোগিতা আগবঢ়ায়। ভাৰতৰ বলিঙত তিষ্ঠিব নোৱৰা পাকিস্তানৰ ইনিংছত অপেনাৰদ্বয়ৰ উপৰি ছাইম আয়ুবে (১৪) দুটা অংকৰ ৰান গোটাবলৈ সক্ষম হয়। বাকী বেটাৰসকল ব্যর্থ হয়।

Share This