কোহলীৰ ৯৩, গীলৰ ৫৬, আয়াৰৰ ৪৯, প্রথম এদিনীয়াত নিউজিলেণ্ডক হৰুৱালে ভাৰতে

dainik janambhumi January 12, 2026

ডিজিটেল ডেস্ক: তাৰকা বেটাৰ বিৰাট কোহলীৰ ৯১টা বলত ৯৩ৰানৰ লগতে শুভমন গীলৰ (৫৬) অর্ধ-শতৰানৰ সহায়ত নিউলিলেণ্ডক কালি প্রথম এদিনীয়াত ৪ উইকেটত পৰাজিত কৰে ভাৰতে। মাথোঁ ৭ ৰানৰ বাবে শতৰানৰ পৰা বঞ্চিত হোৱা কোহলীৰ আঠটা চাৰি আৰু ১টা ছয় সম্বলিত দুৰন্ত ইনিংছটোৰ জৰিয়তে ভাৰতে ৪৯ অ'ভাৰত ছটা উইকেট হেৰুৱাই ৩০১ বানৰ লক্ষ্য অতিক্রম কৰে। 

শ্রেয়াষ আয়াৰেও ৪৯ ৰানৰ অৱদান যোগায়। ভাৰতে তেনেদৰেই ৬টা বল থকা অৱস্থাত ৬ উইকেটত ৩০৬ ৰান কৰি তিনিখনীয়া শৃংখলাত ১-০ৰ অগ্রগতি লাভ কৰে। ৰোহিত শর্মাই ২৬ আৰু লোকেশ ৰাহুলে অপৰাজিত ২৯ ৰানৰ অৱদান যোগায়। 

ইয়াৰ আগেয়ে, ডাৰিল মিচেলৰ (৮৪) আক্রমণাত্মক অর্ধ-শতৰানৰ লগতে হেনৰী নিকলছৰ ৬২ আৰু ডেভন কনৱেৰ ৫৬ ৰানৰ জৰিয়তে প্রথমে বেট ধৰি নিউজিলেণ্ডে ৮টা উইকেট হেৰুৱাই ৩০০ ৰানৰ স্ক'ৰ থিয় কৰিছিল। অ'পেনাৰদ্বয় ডেভন কনৱে আৰু হেনৰী নিকলছে প্রথম উইকেটত ১১৭ ৰানৰ যুটি বান্ধি দলৰ বাবে ভাল আৰম্ভণি কৰে। বিপজ্জনক হৈ উঠা যুটিটো ভাঙে হৰ্ষিত ৰাণাই। 

হৰ্ষিতৰ বলত অগা-পিছাকৈ কনৱে আৰু নিকলছ আউট হোৱাৰ পাছত নিউজিলেণ্ডৰ মিডল-অৰ্ডাৰত গৰা খহনীয়াৰ সৃষ্টি হয়। তাৰ মাজতে মিচেলে ৭১টা বলত ৫টা চাৰি আৰু তিনিটা ছয়েৰে ৮৪ ৰান কৰি দলীয় স্ক'ৰ ৩০০ ৰানলৈ তুলি নিয়াত আগভাগ লয়। ভাৰতৰ হৈ হর্ষিতে ৬৫ ৰানত, মহম্মদ ছিৰাজে ৪০ ৰানত আৰু প্ৰসিদ্ধ কৃষ্ণই ৬০ ৰানত দুটাকৈ উইকেট দখল কৰে।

Share This