ডিজিটেল ডেস্ক : ভাৰতে বৈভৱ সূর্যবংশীয়ে সৃষ্টি কৰা ৰানৰ ধুমুহাৰ সহায়ত ১৯ বছৰ অনূর্ধ্বৰ এছিয়া কাপৰ কালি উদ্বোধনী মেচত সংযুক্ত আৰৱ এমিৰেটছ (ইউ এ ই) ২৩৪ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰে। ভাৰতে প্রথমে বেটিং কৰি বৈভৱৰ ১৭১ ৰান, আৰন জৰ্জৰ ৬৯ ৰান আৰু বিহান মালহোত্ৰাৰ ৬৯ ৰানৰ সহায়ত ৫০ অ'ভাৰত ৬ উইকেট হেৰুৱাই ৪৩৩ ৰান কৰে।
প্রত্যুত্তৰত ইউ এ ইয়ে সাতটা উইকেট হেৰুৱাই ১৯৯ ৰানহে গোটাই। দলটোৰ পৃথ্বী মধুৱে ৫০ আৰু উদ্দিছ সুৰীয়ে অপৰাজিত ৭৮ ৰান সংগ্ৰহ কৰে। আজিৰ মেচখনৰ আটাইতকৈ আকর্ষণীয় দিশটো আছিল বৈভৱ সূৰ্যবংশীৰ আক্ৰমণাত্মক বেটিং। বৈভৱে কালি মাত্র ৯৫টা বলত ১৭১ ৰান সংগ্ৰহ কৰে। ১৪ বছৰীয়া বৈভবে ৫৬টা বলত চেঞ্চুৰী সম্পূৰ্ণ কৰে। বৈভৱৰ ১৭১ ৰানৰ ইনিংছটোত আছিল ১৪টা ছয় আৰু ৯টা চাৰি।
তেওঁ কালি অষ্ট্ৰেলিয়াৰ মাইকেল হিলৰ এটা ইনিংছত ১২টা ছয় অতিক্ৰম কৰি বিশ্ব অভিলেখ গড়ে। তেওঁ ১৯ বছৰ অনূর্ধ্বৰ এছিয়া কাপত চেঞ্চুৰী কৰা সৰ্ব কনিষ্ঠ খেলুৱৈ। উল্লেখযোগ্য যে ১৯ বছৰ অনূর্ধ্ব ক্রিকেটত আটাইতকৈ কম বলত চেঞ্চুৰী কৰাৰ অভিলেখো বৈভৱৰ। ইফালে তেওঁৰ এই বিধ্বংসী ইনিংছটোৰ সহায়ত ভাৰতে কালি ১৯ বছৰ অনূর্ধ্বৰ এদিনীয়াত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়ে।