পুনৰ মুকলি হ'ব ভাৰত-চীনৰ বাণিজ্য পথ

dainik janambhumi May 29, 2026

ডিজিটেল ডেস্ক : পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত আৰু চীনৰ মাজত 'গঠনমূলক আৰু ভৱিষ্যমুখী' আলোচনা অনুষ্ঠিত হৈ যায়। এই আলোচনাত সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখা তথা দুয়ো দেশৰ মাজৰ সামগ্রিক সম্পর্ক স্বাভাৱিক কৰাৰ বিষয়েও আলোচনা হয়। 

দুয়োপক্ষই বুধবাৰে চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত 'বর্কিং মেকানিজম ফৰ কনছাল্টেশ্যন এণ্ড কো-অর্ডিনেশ্যন অন ইণ্ডিয়া-চাইনা ব'ৰ্ডাৰ এফেয়াৰ্ছ (ডব্লিউ এম চি চি) বৈঠকত সীমান্তৰ পৰিস্থিতিৰ বিভিন্ন দিশৰ কথা আলোচনা কৰে। বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা ম্যালয়ে প্ৰেৰণ কৰা এটা বিবৃতিত এই আলোচনাক 'গঠনমূলক আৰু ভৱিষ্যমুখী' আখ্যা দিয়ে। 

উল্লেখযোগ্য যে ২০২০ চনত গলৱান উপত্যাকাত হোৱা মাৰাত্মক সংঘৰ্ষ আৰু বাৰ্তাৰ পাছত প্রায় এবছৰ ধৰি বৰ্তি থকা সামৰিক বিবাদৰ পাছত সম্পৰ্ক পুনৰ গঠনৰ বাবে যোৱা এবছৰতে ভাৰত-চীনে এলানি ব্যৱস্থা গ্রহণ কৰিলে। 

এই বৈঠকত দুয়োপক্ষই চীনত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী ২৪ সংখ্যক বিশেষ প্রতিনিধি বৈঠকৰ বাবে গুৰুত্বপূৰ্ণ প্রস্তুতি চলাবলৈ সন্মত হয়। বুধবাৰে বেইজিঙত অনুষ্ঠিত বৈঠকত ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল ভাৰতৰ যুটীয়া সচিব (পূব এছিয়া) সুজিত ঘোষে। আনহাতে, চীনা দলটোক নেতৃত্ব দিয়ে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ বাউণ্ডেৰী এণ্ড অচেনিক এফেয়াৰ্ছ ডিপার্টমেণ্টৰ সঞ্চালক প্রধান হাউ য়াংকিয়ে।

Share This