চেনাব নদীত ৫ হাজাৰ কোটি টকীয়া জলবিদ্যুৎ প্রকল্প ভাৰতৰ, পাকিস্তানত হ'ব তীব্র জল-সংকট

dainik janambhumi February 11, 2026

ডিজিটেল ডেস্ক : ভাৰতে জম্মু আৰু কাশ্মীৰৰ চেনাব নদীৰ ওপৰত ৫,১২৯ কোটি টকাৰ এটা বৃহৎ জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। সিন্ধু জল চুক্তি বাতিলৰ পাছত নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা এইটো হৈছে অন্যতম বৃহৎ প্রকল্প। ভাৰতে এই প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ পাছতে বিষয়টো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে পাকিস্তানে। কাৰণ চেনাব নদী হৈছে পাকিস্তানৰ বাবে জীৱনৰেখা স্বৰূপ। ভাৰতে নদীখনত বৃহৎ বান্ধ নির্মাণ কৰিলে চুবুৰীয়া শত্রু ৰাষ্ট্ৰখন সংকটত পৰাটো স্বাভাৱিক।

যাৰ বাবে নদীবান্ধ প্রকল্পটো পাকিস্তানে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকাৰ লগতে বিষয়টো আন্তর্জাতিক ন্যায় আদালত আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে যোৱা বছৰৰ এপ্ৰিলত পহলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰিছিল। এই চুক্তি বাতিলৰ জৰিয়তে সিন্ধু অৱবাহিকাৰ নদীসমূহৰ পানী পাকিস্তানলৈ বৈ যোৱাত বাধা দি ৰখা হৈছিল।

সিন্ধু অৱবাহিকা, বিশেষকৈ চেনাবৰ জলসম্পদৰ ওপৰত পাকিস্তান বিশেষভাৱে নিৰ্ভৰশীল। দেশখনৰ কৃষি খণ্ডৰ ৯০% এই অৱবাহিকাৰ ওপৰত নিৰ্ভৰশীল। ভাৰতে এই অৱবাহিকাৰ অন্তৰ্গত চেনাব নদীত বান্ধ নিৰ্মাণ কৰিলে পাকিস্তান ভাতে মৰাৰ সম্ভাৱনা আছে।

Share This