ডিজিটেল ডেস্কঃ পহলগামত হিন্দু পৰ্যটকক হত্যা কৰাৰ পিছৰে পৰা পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
ভাৰত চৰকাৰে পানীৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চেনাব নদীৰ ওপৰত নিৰ্মিত বাগলীহাৰ বান্ধৰ গে'ট বন্ধ কৰি দিয়া হৈছে।
ফলত পাকিস্তানৰ পঞ্জাব প্ৰদেশত জল সংকটৰ ভয়াৱহ সংকটৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিছে ।
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়াৱহ আক্ৰমণৰ ১০ দিনৰ পাছত ভাৰত চৰকাৰে সিন্ধু জল সন্ধিৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।