মহিলা বিশ্ব কাপৰ ফাইনেলত ভাৰত, লিচফিল্ডৰ শতৰান সত্ত্বেও অষ্ট্ৰেলিয়া ৫ উইকেটত পৰাজিত

dainik janambhumi October 31, 2025

ডিজিটেল ডেস্ক : ভাৰত আৰু দক্ষিণ আফ্রিকা চলিত আই চি চি মহিলা বিশ্ব কাপৰ ফাইনেলত মুখামুখি হ'ব। প্রতিযোগিতাখনৰ দ্বিতীয় ছেমি ফাইনেলত কালি ভাৰতে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৫ উইকেটত হৰুৱাই খিতাপৰ যুঁজলৈ আগবাঢ়ে। অষ্ট্ৰেলিয়াৰ বিশাল ৩৩৮ ৰানৰ প্রত্যুত্তৰত ভাৰতে জেমিমা ৰড্রিগুৱেজৰ বিধ্বংসী বেটিঙৰ সহায়ত ৪৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই ৩৪১ ৰান কৰি দুৰন্ত জয় সাব্যস্ত কৰে। জেমিমাই ১৩৪টা বলত অপঃ ১২৭ৰান কৰা লগতে অধিনায়িকা হৰমনপ্রীত কৌৰে ৮৮টা বল খেলি গুৰুত্বপূৰ্ণ ৮৯ৰান কৰে। 

জেমিমা আৰু হৰমনপ্রীতৰ উপৰি দীপ্তি শর্মা (২৪) আৰু বিশা ঘোষে (২৬) উল্লেখনীয় বৰঙনি আগবঢ়ায়। ইয়াৰ আগেয়ে ফুৱেবা লিচফিল্ডৰ দুৰন্ত ১১৯ ৰানৰ লগতে এলিছা পেৰী (৭৭) আৰু এছলী গার্ডনাৰৰ (৬৩) অর্ধশতকীয় বৰঙনিৰ জৰিয়তে অষ্ট্ৰেলিয়াই এটা বল বাকী থকা অৱস্থাত কেউটা উইকেট হেৰুৱাই ৩৩৮ ৰানৰ বিশাল স্ক'ৰ থিয় কৰিছিল। ইয়াৰ মাজতে অষ্ট্ৰেলিয়াই এটা সময়ত ২৬৫ ৰানত ছটা উইকেট হেৰুৱালেও গার্ডনাৰে ৪৫টা বলত ৬৩ ৰানৰ আকর্ষণীয় ইনিংছ খেলি দলৰ স্ক'ৰ ৩০০ বানৰ সীমা পাৰ কৰোৱায়। মহিলা দলৰ এয়া সর্বাধিক স্ক'ৰ। 

অপৈনাৰ লিচফিল্ডে ৯৩টা বলত ১১৯ ৰানৰ বিশ্ব কাপৰ ছেমি ফাইনেলত যিকোনো বিধ্বংসী ইনিংছ খেলি দলৰ বাবে বৃহৎ স্ক'ৰৰ ভেটি গড়ে। লিচফিল্ডে দ্বিতীয় উইকেটত পেৰীৰে মিলি ১৫৫ ৰানৰ যুটি বান্ধে। পেৰীয়ে ৮৮টা বলত ছটা চাৰি আৰু দুটা ছয়েৰে নিজৰ ইনিংছটো সজায়। ভাৰতৰ হৈ শ্রী চাৰানী আৰু দীপ্তি শর্মাই দুটাকৈ উইকেট দখল কৰে।

Share This