ডিজিটেল ডেস্ক : বৰ্তমান সময়ত ভাৰত শক্তিশালী আৰু এইখন দেশে ইয়াৰ সামৰিক বাহিনীক আধুনিকীকৰণ কৰিছে। ভাৰতে অধিক ঔদ্যোগিক আৰু লজিষ্টিক সক্ষমতাৰে ইয়াৰ সামৰিক বাহিনীক আধুনিকীকৰণ কৰি উচ্চ স্তৰীয় সামৰিক অভিযানৰ বাবে প্ৰস্তুত কৰি তুলিছে। শনিবাৰে এই মন্তব্য কৰে মার্কিন প্ৰতিৰক্ষা সচিব তথা পেন্টাগনৰ মুৰব্বী পীট হেগছেথে।
ছিংগাপুৰত শনিবাৰে ছাংৰী-লা ডায়'লগত অংশ লৈ প্রতিনিধি দেশসমূহক সম্বোধন কৰাৰ সময়ত হেগছেথে এই মন্তব্য কৰে। শক্তিৰ ভাৰসাম্যতা বজাই ৰখাৰ ক্ষেত্ৰত, বিশেষকৈ ভাৰত মহাসাগৰীয় অঞ্চলত সামৰিক আধিপত্যৰ বিষয়ত আলোকপাত কৰি হেগছেথে কয় যে ভাৰত হৈছে এখন শক্তিশালী দেশ আৰু এইখন দেশে ইয়াৰ সামৰিক বাহিনীক আধুনিকীকৰণ কৰি যিকোনো যুদ্ধৰ বাবে প্ৰস্তুত কৰি ৰাখিছে।
হেগছেথে এইটোও কয় যে আমেৰিকাই ইয়াৰ দেশীয় প্ৰতিৰক্ষা সামগ্ৰীবোৰক বিশ্বজনীন কৰাৰ প্ৰচেষ্টা চলাই আছে। হেগছেথে আমেৰিকাৰ সৈতে থকা জাপান, দক্ষিণ কোৰিয়া, আছিয়ান দেশ আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা সম্পৰ্কৰ বিষয়তো আলোকপাত কৰে। লক্ষণীয়ভাৱে হেগছেথে কয় যে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কাৰ্যকালত চীন-আমেৰিকাৰ সম্পৰ্ক উন্নত হৈছে।