ডিজিটেল ডেস্ক: ভাৰতীয় শ্বেয়াৰ বজাৰত সূচকাংক বৃহৎ হাৰত অৱনমিত হোৱাৰ ফলত কোম্পানীসমূহৰ বজাৰ মূলধনো দ্রুতগতিত হ্রাস পায়। ইয়াৰ ফলত বজাৰ মূলধনৰ দিশৰ পৰা বিশ্বৰ শীৰ্ষত থকা ১০০টা কোম্পানীৰ তালিকাত এতিয়া এটাও ভাৰতীয় কোম্পানীৰ নাম নাই।
উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ সংকট, ডলাৰৰ তুলনাত টকাৰ মূল্য অহৰহ হ্রাস, খাৰুৱা তেলৰ দাম বৃদ্ধি আৰু বিদেশী বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়াই নিয়ে। উল্লেখযোগ্য যে চলিত বছৰত ব'ম্বে ষ্টক এক্সচেঞ্জৰ সূচকাংক ছেনছেক্স ১২% আৰু ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ সূচকাংক নিফটি ১০% নিম্নগামী হয়। ইয়াৰ ফলত কোম্পানীবোৰৰ বজাৰ মূলধনো বৃহৎ হাৰত হ্রাস পায়। ব্লুমবার্গে প্রকাশ কৰা তথ্য মতে, বজাৰ মূলধনৰ ভিত্তিত শীর্ষস্থানত থকা ১০০টা কোম্পানীৰ তালিকাৰ পৰা বাহিৰ হয় ভাৰতীয় কোম্পানী।
উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে ৭৩সংখ্যক স্থানত থকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ এতিয়া এই তালিকাত স্থান হৈছেগৈ ১০৬। আনহাতে, যোৱা বছৰৰ আৰম্ভণিতে ৯৭ সংখ্যক স্থানত থকা এইচ ডি এফ চিৰ এতিয়া স্থান হৈছে ১৯৬। একেদৰে যোৱা বছৰ ৮৪ সংখ্যক স্থানত থকা টাটা কনছালটেন্সী ছাৰ্ভিচৰ (টি চি এছ) স্থান ৮৪ৰ পৰা এতিয়া ৩১৪লৈ অৱনমিত হয়। আনহাতে, বিশ্বৰ শীর্ষস্থানীয় ৫০০টা কোম্পানীৰ তালিকাত এতিয়া ভাৰতৰ কোম্পানীৰ সংখ্যা ১৩টাৰ পৰা মাত্র ৯টালৈ হ্রাস পাইছে।