ডিজিটেল ডেস্কঃ অট'ম'বাইল বজাৰৰ ক্ষেত্ৰত ভাৰতে-জাপানক পিছ পেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্রেষ্ঠ দেশ হিচাপে পৰিগণিত হৈছে। সমাগত ৫ বছৰত অট'ম'বাইল বজাৰৰ ক্ষেত্ৰখনত দেশে শীর্ষস্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গডকাৰিয়ে এই ঘোষণা কৰে।
সেউজ গতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ভাৰতে আইছ’' বিউটানল আৰু বায়' বিটুমিনৰ দৰে নতুন ইন্ধনৰ ক্ষেত্ৰতো অগ্রগতি লাভকৰিছে।
ইয়াৰ পূর্বে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ উদ্বোধন কৰে। এই সন্মিলনত বিশেষজ্ঞসকলে দক্ষতা, বহনক্ষমতা আৰু অৰ্থনৈতিক দিশসমূহ উন্নত কৰাৰ বাবে আলোচনা কৰিব।