কোহলীৰ (১২৪) শতৰান সত্ত্বেও তৃতীয় এদিনীয়াত ভাৰত ৪১ ৰানত পৰাজিত, ২-১৩ শৃংখলাত জয় নিউজিলেণ্ডৰ

dainik janambhumi January 19, 2026

ডিজিটেল ডেস্ক: বিৰাট কোহলীৰ ১০৮টা বলত ১২৪ ৰান সত্ত্বেও নিউজিলেণ্ডৰ হাতত কালি তৃতীয় তথা অন্তিম এদিনীয়াত ভাৰত ৪১ ৰানত পৰাজিত হয়। ডাৰিল মিচেলৰ ক্ৰমাগত দ্বিতীয় শতৰান আৰু গ্লেন ফিলিপছৰ আকর্ষণীয় শতকৰ জৰিয়তে নিউজিলেণ্ডে প্রথমে বেট ধৰি ৮ উইকেটত ৩৩৭ ৰান কৰে। নিউজিলেণ্ডে এটা সময়ত ৫৮ ৰানতে আগশাৰীৰ তিনিটা উইকেট হেৰুৱালেও মিচেল (১৩৭) আৰু ফিলিপছে (১০৬) চতুর্থ উইকেটত ২১৯ ৰানৰ যুটি বান্ধি দলৰ বাবে বৃহৎ স্ক'ৰ থিয় কৰে। 

প্ৰত্যুত্তৰত ভাৰতে ৪৬ অভাৰত ২৯৬ ৰানত কেউটা উইকেট হেৰুৱায়। কোহলীৰ অভিলেখ সৃষ্টিকাৰী ৫৪সংখ্যক এদিনীয়া শতৰানৰ লগতে নীতিশ কুমাৰ ৰেড্ডীৰ ৫৩ আৰু হৰ্ষিত ৰাণাৰ ৫২ ৰান সত্ত্বেও ভাৰতে পৰাজয় বৰণ কৰিবলগীয়া হয়। আৰম্ভণিত ৭১ ৰানত ৪টা উইকেট হেৰুওৱা ভাৰতে পৰৱৰ্তী পর্যায়ত কোনো সময়তে উচ্চ শিৰে খেলিব নোৱাৰিলে। ৰোহিত শর্মা (১১), শুভমন গীল (২৩), শ্রেয়াষ আয়াৰ (৩) আৰু লোকেশ ৰাহুল (১) ব্যর্থ হয়। নিউজিলেণ্ডে এই জয়েবে শৃংখলা ২-১ ব্যৱধানত দখল কৰে।

Share This