ভাৰত-নিউজিলেণ্ডৰ আজি প্ৰথম টি-২০, পেচ বলিঙৰ নেতৃত্বত ভুৱনেশ্বৰ কুমাৰ

Dainik Janambhumi October 22, 2026

ডিজিটেল ডেস্ক : ছিনিয়ৰ বেগী বলাৰ ভুৱনেশ্বৰ কুমাৰে যোৱা ১৭অক্টোবৰত ভাৰতৰ হৈ প্রায় ৪ বছৰৰ পাছত নিজৰ প্ৰথমখন টি-২০ ক্রিকেটত বলিং কৰাৰ সুযোগ নাপালে। অৱশ্যে, বৃহস্পতিবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ৫খন খেলৰ শৃংখলাৰ প্ৰথমখন টি-২০ ক্রিকেটত ভাৰতৰ বেগী বলিং বিভাগক নেতৃত্ব দিবলৈ সম্পূর্ণ সাজু ভুৱনেশ্বৰ। 

কিবি বাহিনীৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন মেচ হেগলী অ'ভেলত অনুষ্ঠিত হ'ব। ২০ অভাৰৰ ৫খন মেচৰ বাবে জিৰণি লোৱা যশপ্রীত বুমৰাহৰ অনুপস্থিতিত ভুৱনেশ্বৰে ভাৰতৰ পেচ আক্ৰমণৰ নেতৃত্বৰ দায়িত্বত থাকিব। লগতে টি-২০ ক্রিকেটত ভাৰতৰ সৰ্বাধিক উইকেট দখল কৰা অৰ্শদীপ সিঙে ভুৱনেশ্বৰক সহযোগিতা কৰিব। ভুৱনেশ্বৰ আৰু অর্শদীপ মূল একাদশত একপ্ৰকাৰ নিশ্চিত যদিও তৃতীয়গৰাকী পেচাৰৰ বাবে প্রিন্স যাদৱ আৰু মায়ংক যাদৱৰ মাজত যুঁজ হ'ব। পিছে প্রিন্সে অধিক অগ্রাধিকাৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি, দলত আছে দুই বেগী বলিং অলৰাউণ্ডাৰ শিৱম ডুবে আৰু নীতিশ কুমাৰ ৰেড্ডী। শৃংখলাৰ প্ৰথমখন মেচত তেওঁলোকৰ মাজৰ কোনে স্থান লাভ কৰে সেয়া লক্ষণীয় হ'ব। 

আনহাতে, স্পীন বলিং অলৰাউণ্ডাৰ নমন ধীৰ আৰু অক্ষৰ পেটেল ঘৰৰ মাটিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫খন মেচৰ শৃংখলাত কেউখনতে খেলিছিল। শেহতীয়াকৈ তেওঁলোকৰ ফৰ্ম আৰু বেট হাতে অৱদান যোগোৱাৰ দক্ষতাৰ ভিত্তিত নিউজিলেণ্ডত অনুকূল বেগী বলিঙৰ পৰিৱেশৰ মাজতো নমন আৰু অক্ষৰে মূল একাদশত নিজৰ স্থান অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা আছে। ইফালে, বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীয়ে নিউজিলেণ্ড ভ্রমণতো হয়তো অতিৰিক্তৰ শাৰীতে থাকিব লাগিব। কাৰণ অভিষেক শর্মা, সঞ্জু ছেমছন যুটিয়েই অ'পেনিঙৰ দায়িত্বত থাকিব। ঈশান কিষাণ, শ্রেয়াষ আয়াৰ আৰু তিলক বার্মা নিশ্চিতভাৱেই প্রথম ১১জনীয়া তালিকাত থাকিব।

Share This