আজি ভাৰত-পাকিস্তানৰ মহাযুদ্ধ, এছিয়া কাপৰ ফাইনেল

dainik janambhumi September 28, 2025

ডিজিটেল ডেস্ক : আজি ভাৰত আৰু পাকিস্তানৰ 'মহাযুদ্ধ'। এই মহাযুদ্ধ দেখিবলৈ পোৱা যাব ডুবাইৰ ইন্টাৰনেশ্যনেল ক্রিকেট ষ্টেডিয়ামত নিশা ৮ বজাৰ পৰা। এছিয়াৰ সৰ্ববৃহৎ ক্রিকেট প্রতিযোগিতা এছিয়া কাপ ক্রিকেটৰ আজি ফাইনেল। ফাইনেলত প্রতিদ্বন্দ্বিতা কৰিব দুই চিৰ বৈৰী দল ভাৰত আৰু পাকিস্তানে। মন কৰিবলগীয়া যে প্রতিযোগিতাত ইতিমধ্যে দুয়োটা দলে দুবাৰ পৰস্পৰৰ সন্মুখীন হৈছে আৰু দুয়োবাৰেই ভাৰত জয়ী হয়। আজি তৃতীয়বাৰৰ বাবে দুয়োটা দলে পৰস্পৰৰ বিৰুদ্ধে খেলিব। ভাৰতে এইবাৰৰ এছিয়া কাপত এখনো মেচত পৰাজিত নোহোৱাকৈ ফাইনেলত উপনীত হৈছে। আনহাতে পাকিস্তান দুখনত পৰাজিত হৈ ফাইনেলত উপনীত হয়। গ্রুপ পর্যায়ত আৰু ছুপাৰ ফ'ৰত পাকিস্তান ভাৰতৰ হাতত পৰাজিত হৈছে। আজিৰ 'হাইভল্টেজ' ফাইনেলত ভাৰতেই ফেভাৰিট বুলি কোৱা হৈছে। আজি ফাইনেলখনত ভাৰতীয় দলৰ ১১জন খেলুৱৈ যেতিয়া ফিল্ডত নামিব তেতিয়া তেওঁলোকৰ একমাত্র লক্ষ্য হ'ব ৰাজনৈতিকভাৱে শত্রু দেশখনৰ দলটোক পৰাজিত কৰা। মন কৰিবলগীয়া যে এছিয়া কাপত ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ খেল আৰু খেলপথাৰৰ বাহিৰৰ ৰাজনীতিৰ মাজত স্পষ্ট ব্যৱধান নোহোৱা হৈ পৰিছে। মার্কিন লেখক মাইক মাৰ্কুছিৰ ভাষাৰে আজি মেচখন প্রকৃতাৰ্থত এখন 'গুলীয়াগুলী নোহোৱা যুদ্ধ'হে।

ভাৰত আৰু পাকিস্তানৰ মেচৰ উত্তেজনা, প্রতিটো মুহূৰ্তৰ শিহৰণ আদি সকলোবোৰ এতিয়াও অব্যাহত আছে, কিন্তু এইবাৰৰ এছিয়া কাপত যিধৰণৰ বাক-বিতণ্ডাৰ সৃষ্টি হ'ল সেয়া নজিৰবিহীন। ভাৰতে এতিয়ালৈকে খেলা ছয়খন মেচৰ কেউখনতে জয়ী হ'লেও শুকুৰবাৰে ছুপাৰ ফ'ৰত শ্রীলংকাৰ বিৰুদ্ধে অন্তিমখন মেচৰ ফল নির্ণয় হয় ছুপাৰ অ'ভাৰতহে। আনহাতে পাকিস্তানে যুঁজ দিহে ফাইনেলত উপনীত হৈছে। বাংলাদেশক পৰাজিত কৰাৰ পাছত দলটোৰ মুখ্য প্রশিক্ষক মাইক হেছনে কয়, 'একমাত্র ফাইনেল মেচৰহে গুৰুত্ব আছে।' 

আনহাতে ভাৰতৰ বলিং প্রশিক্ষক মর্ন মর্কেলে কয় যে এতিয়া সৌন্দর্যৰ কোনো গুৰুত্ব নাই। 'কটু জয়ো জয় হৈ পৰিছে।' আজিৰ মেচখনত ভাৰতৰ অপৈনাৰ অভিষেক শৰ্মাৰ প্রদর্শন গুৰুত্বপূর্ণ হ'ব। তেওঁ ২০০তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে তিনি শতাধিক ৰান কৰিছে। তিলক বার্মা সর্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাত ১৪৪ বানেবে দ্বিতীয় স্থানত আছে। ইয়াৰ উপৰি শুভমন গীল, সূর্যকুমাৰ যাদব, সঞ্জু ছেমছনেও সুন্দৰ প্রদর্শনেৰে ভাৰতক জয়ী কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াৰ লগতে এইবাৰৰ প্রতিযোগিতাত সর্বাধিক ১৩টা উইকেট দখল কৰা কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীৰ বলিঙতো বহুখিনি নিৰ্ভৰ কৰিব।

Share This