ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত বিদেশী সন্ত্রাসবাদীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘর্ষ বৃদ্ধি পোৱা, তথা যোৱা কেই বছৰমানতে অর্ধশতাধিক জোৱানৰ মৃত্যু হোৱাৰ সময়তে অলপতে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছিল যে অনুপ্রবেশ ৰোধ কৰিবলৈ ভাৰতে পাকিস্তান সীমান্তত উচ্চ-প্ৰযুক্তিৰ (হাই-টেক) বৈদ্যুতিন নিৰীক্ষণ ব্যৱস্থা (ইলেকট্রনিক ছাৰভেইলেন্স ছিষ্টেম) মোতায়েন কৰি আছে।
সূত্র মতে, এই নিৰীক্ষণ ব্যৱস্থাত আছে হিউমেন-ডিটেকশ্যন ৰাডাৰ, থাৰ্মেল ইমেজিং আৰু হাই ৰিজলিউশ্যন কেমেৰাৰ সংহত নেটৱৰ্ক, কাঁটা তাঁৰৰ বেৰত ফ্লাডলাইট, নদী-অঞ্চলত উন্নত প্ৰযুক্তিৰ নিৰীক্ষণ ব্যৱস্থা আৰু সুৰংগৰ সন্ধানৰ বাবে ছিছমিক ছেন্সৰ। ইয়াৰে কিছু অংশ আগতেই স্থাপন কৰা হৈছে আৰু কিছু এতিয়া স্থাপন কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে কিছুদিন আগতে জনাইছিল যে অহা চাৰি বছৰৰ ভিতৰত ভাৰত-পাকিস্তানৰ সমগ্র সীমান্তত এই ব্যৱস্থা স্থাপন কৰা হ'ব।