মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে বাতিল ভাৰতীয় বিমান, ওম্ৰা হজলৈ গৈ মক্কাত আবদ্ধ অসমৰ শশ লোক

dainik janambhumi October 26, 2026

ডিজিটেল ডেস্ক : ইছলাম ধর্মালম্বী লোকসকলৰ তীৰ্থস্থান পৱিত্ৰ মক্কা শ্বৰীফত ওম্ৰা (হজ) কৰিবলৈ গৈ আবদ্ধ হৈ আছে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰঙৰ শ শ লোক। বিমান বাতিলৰ বাবে ওম্ৰাৰ বাবে পৱিত্ৰ মক্কালৈ গৈ আবদ্ধ হৈ থকা দৰং জিলাৰ খাৰুপেটীয়াৰ মতিউৰ ৰহমানৰ লগতে অন্যান্য লোকৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ বহু লোক যোৱা ৫ আৰু ৭ অক্টোবৰৰ লগতে অক্টোবৰৰ প্ৰথম - সপ্তাহতে মক্কালৈ উৰা মাৰিছিল। 

দৰঙৰ খাৰুপেটীয়াৰ পৰা যোৱা মতিউৰ - ৰহমানে অডিঅ' মেছেজযোগে জানিবলৈ দিয়া মতে, বর্তমান চলি থকা মধ্যপ্রাচ্যৰ যুদ্ধৰ অশান্তময় পৰিৱেশৰ বাবেই বাৰে বাৰে বাতিল - কৰিছে ভাৰতীয় বিমান। তেওঁ জানিবলৈ দিয়া মতে, ওম্ৰাৰ কাম সম্পন্ন হোৱাৰ পাছতে উভতনিৰ ইণ্ডিয়ান ফ্লাইট তিনিবাৰকৈ বাতিল কৰা হৈছে। অহা ৩১ অক্টোবৰলৈ নচলে ভাৰতীয় বিমান। যাৰ ফলত ওম্ৰাৰ বাবে মক্কাত আবদ্ধ হৈ থকা লোকসকলে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। অৱশেষত উপায়ন্তৰ হৈ এই লোকসকলে মক্কাৰ পৰা বাছেৰে ১৫ ঘণ্টাৰ দূৰত্বৰ ডুবাইলৈ গৈ তাৰ পৰা দিল্লীলৈ অহাৰ যো জা চলাইছে বুলি মতিউৰ ৰহমানে জানিবলৈ দিয়ে। তেওঁ জনোৱা মতে, অসমৰ বৰপেটা, গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ দুই শতাধিক লোক মক্কাত আবদ্ধ হৈ আছে। 

উল্লেখযোগ্য যে দৰং জিলাৰ খাৰুপেটীয়া, শিলবৰী, পানবাৰী, ভেৰভেৰী, টাংনী, মৌচিঠা, ধনশিৰী, থেকৰাবাৰী, বিভিন্ন এলেকাৰ শতাধিক লোক মক্কাত আবদ্ধ হৈ আছে। এই ঘটনাই মক্কালৈ ওমৰাৰ বাবে যোৱা লোকৰ পৰিয়ালৰ লোকসকলক চিন্তিত কৰি তুলিছে।

Share This