ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ২৪ অক্টোবৰত দেশখনৰ ফ্লৰিডাত আগতীয়াকৈ মধ্যৱৰ্তী নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰে। ৱেষ্ট পাম বীচ্চৰ নিৰ্বাচন পৰিদৰ্শকৰ কাৰ্যালয়ত ফাৰ্ষ্ট লেডী মেলানিয়া ট্রাম্পৰ সৈতে উপস্থিত হৈ ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ নিজৰ ভোটদান কৰে।
ভোটদানৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁ ফ্লৰিডাৰ সকলো ৰিপাব্লিকান প্রার্থীক ভোট দিয়া বুলি স্পষ্ট কৰি দিয়ে। ভোটদান কার্যসূচী সমাপ্ত কৰাৰ পাছতেই ট্রাম্পে ডেম'ক্রেটসকলৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ আনে। ফ্লৰিডাত আগতীয়া ভোটদান সম্পন্ন কৰাৰ ঠিক পাছতেই ট্রাম্পে নির্বাচনী প্ৰচাৰ চলোৱাৰ বাবে জর্জিয়া অভিমুখে ৰাওনা হয়।
আনহাতে, আমেৰিকাৰ মধ্যৱৰ্তী নির্বাচনৰ ডেম'ক্রেটিক প্রার্থীসকলৰ হৈ প্ৰচাৰ চলাই প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ট্রাম্পক তীব্র সমালোচনা কৰে। ওবামাই বিশেষকৈ ইৰান যুদ্ধ আৰু সামগ্ৰীৰ ক্ৰমবর্ধমান দামবৃদ্ধিৰ দৰে বিষয়সমূহক লৈ বৰ্তমানৰ ট্রাম্প প্রশাসনক লক্ষ্য কৰি লয়।