'২৯ৰ ভিতৰত ইছৰ'ৱে স্থাপন কৰিব ৪খন কার্যক্ষম 'লঞ্চ পেড'

Dainik Janambhumi October 26, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ')-এ ২০২৯ চনৰ ভিতৰত চাৰিটা কার্যক্ষম উৎক্ষেপণ কেন্দ্ৰ (লঞ্চ পেড) স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে এটা অনুষ্ঠানত দেওবাৰে এই কথা প্রকাশ কৰি ভাৰতৰ গগনযান অভিযানৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ৰ'ডমেপ দাঙি ধৰে। 

ইছৰ'ৰ মুৰব্বীজনে কয় যে ২০২৯ চনৰ ভিতৰত ভাৰতে নিজৰ মহাকাশ অভিযানৰ পৰিসৰ ব্যাপকভাৱে বৃদ্ধি কৰিব। ইয়াৰ অংশ হিচাপে তামিলনাডুৰ টুতিকোৰিন জিলাৰ কুলাচেকৰপট্টিনমত ২০০০ একৰ ভূমি সামৰি এটা বিশেষ 'এছ এছ এল ভি' (স্মল ছেটেলাইট লঞ্চ ভেহিকল) কমপ্লেক্স গঢ়ি তোলা হ'ব। ইছৰ'ৰ মুৰব্বীজনে কয় যে অহা দুমাহৰ ভিতৰত গগনযানৰ প্ৰথমটো মানৱবিহীন পৰীক্ষণ সম্পন্ন কৰা হ'ব। 

আনহাতে, নাৰায়ণনে স্পষ্ট কৰি দিয়ে যে ইছৰ'ৰ ব্যক্তিগতকৰণ কৰা নহয়। বৰঞ্চ উপগ্রহ উৎক্ষেপণৰ ক্রমবর্ধমান গোলকীয় আৰু ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ ব্যক্তিগত উদ্যোগ আৰু ষ্টার্টআপসমূহক
কাৰিকৰী সহযোগিতা আগবঢ়োৱা হ'ব, যাৰ ফলত দেশত হাজাৰ হাজাৰ উচ্চ প্রযুক্তিৰ দিশত কর্মসংস্থাপনৰ সৃষ্টি হ'ব।

Share This